
ধুবুৰী, ০৫ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী থানাত দেওবাৰে সন্ধিয়া শ শ পুৰুষ মহিলাই দুটা ঠগ প্ৰৱঞ্চক ধৰি আৰক্ষীক গতাই দিয়ে। ইয়াকে লৈ থানা চৌহদত কালি সন্ধিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ঠগ প্ৰৱঞ্চক দুটা গোৱালপাৰা জিলাৰ ৰফিজুল ইছলাম আৰু বিলাসীপাৰা কাঠালদিৰ হবিবৰ ৰহমান বুলি জানিব পৰা গৈছে।
দুয়োৰে বিৰুদ্ধে দীৰ্ঘদিন ধৰি বিলাসীপাৰাৰ চৰ অঞ্চলৰ সহজ সৰল দুখীয়া মানুহৰ পৰা আয়ুৰ্বেদীক বিভিন্ন বেমাৰৰ ঔষধ বিক্ৰী কৰাৰ নামত লাখ লাখ টকা সংগ্ৰহ অভিযোগ উত্থাপিত হৈছে। অভিযোগ মতে ট্ৰূলীনেট কেয়াৰ প্ৰাইভেট লিমিটেড (Trueleenet Care Pvt.Ltd) নামৰ কোম্পানীৰ আয়ুৰ্বেদিক ঔষধ বিক্ৰী নামত আই ডি আৰু ঔষধ বিক্ৰী কৰাৰ নামত শ শ পুৰুষ মহিলাৰ পৰা সংগ্ৰহ কৰিছিল লাখ লাখ টকা।
গাওঁ খনৰ সহজ সৰল মানুহক আয়ুৰ্বেদিক ঔষধ বিক্ৰীৰ আই ডি খুলি টকা উপাৰ্জনৰ প্ৰলোভন দেখুৱাইছিল ঠগ প্ৰৱঞ্চক দুয়োটাই। গাঁৱৰ মানুহে ঠগ প্ৰৱঞ্চক বুলি ধৰি দুয়োকে গাঁৱত আবদ্ধ কৰি ৰাখে। পিছত ঘটনাস্হলীত বিলাসীপাৰা আৰক্ষী দ'ল উপস্থিত হৈ ঠগ প্ৰৱঞ্চক দুটাক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ