
ইম্ফল, ০৫ জানুৱাৰী (হি.স.)। মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ ফ’গাকাচাও আৰক্ষী থানাৰ অন্তৰ্গত চৈ়তান-নগনুকন অঞ্চলৰ এটা খালী ঘৰত তিনিটা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) বিস্ফোৰণৰ ফলত দুজন লোক আহত হয়। সোমবাৰে পুৱা সংঘটিত হোৱা আই ই ডি বিস্ফোৰণৰ ফলত আতংক আৰু ব্যাপক উত্তেজনাৰ সৃষ্টি হৈছে। ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে এই ঘটনাক কাপুৰুষালি বুলি গৰিহণা দি নিজৰ এক্স হেণ্ডেলত এখন ফটো পোষ্ট কৰে।
আৰক্ষী সূত্ৰই জনোৱা মতে, প্ৰথম দুটা বিস্ফোৰণ পুৱা ৫:৪০ৰ পৰা ৫:৫৫ বজাৰ ভিতৰত সংঘটিত হয়। তৃতীয়টো বিস্ফোৰণৰ প্ৰায় ৮:৩০ বজাত সংঘটিত হয়। বিস্ফোৰণৰ তীব্ৰ শব্দই অঞ্চলটোৰ বাসিন্দাসকলক সাৰ পাই উঠে।
সূত্ৰই জনোৱা মতে, ফ’গাকাচাও আৰক্ষী থানাৰ অন্তৰ্গত চয়তান-ঙানুকান অঞ্চলটো চি আৰ পি এফৰ নিৰাপত্তাৰক্ষীয়ে আগুৰি আছে। এটা খালী ঘৰত ৰোপণ কৰা হৈছিল আই ই ডি। ৰাতিপুৱা তিনিবাৰকৈ এই বিস্ফোৰণ হোৱাৰ পিছত আন এক বিস্ফোৰণ সংঘটিত হয়।
প্ৰথমটো বিস্ফোৰণৰ পিছতে ঘৰৰ ওচৰলৈ যায় দুজন স্থানীয় লোক। একে সময়তে দ্বিতীয়টো বিস্ফোৰণ সংঘটিত হয়, যাৰ ফলত তেওঁলোক আহত হয়। আৰক্ষীৰ সূত্ৰই এতিয়াও চিনাক্ত কৰিব পৰা নাই আহতসকলক। বিষ্ণুপুৰ জিলা সদৰৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিবলৈ দিয়ে।
ইফালে, নিৰাপত্তা বাহিনীয়ে সেই স্থানত উপস্থিত হৈ আন কোনো বিস্ফোৰক সামগ্ৰী নথকা নিশ্চিত কৰাৰ বাবে তালাচী আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ