
মলয়ালম চিনেমাৰ পৰা ওলাইছে অত্যন্ত দুখজনক খবৰ। প্ৰখ্যাত অভিনেতা তথা প্ৰডাকচন কণ্ট্ৰ’লাৰ কান্নান পটম্বীৰ ৬২ বছৰ বয়সত ৪ জানুৱাৰীৰ নিশা প্ৰায় ১১:৪০ বজাত দেহাৱসান ঘটে। কেৰেলাৰ কোঝিকোডত থকা এখন ব্যক্তিগত চিকিৎসালয়ত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। তেওঁৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে তেওঁৰ ভাতৃ, চলচ্চিত্ৰ নিৰ্মাতা তথা অভিনেতা মেজৰ ৰবিয়ে।
ছ’চিয়েল মিডিয়াত মেজৰ ৰবিয়ে ভাতৃক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মালয়ালম ভাষাত শ্বেয়াৰ কৰা এটা পোষ্টত তেওঁ লিখিছে যে যোৱা নিশা তেওঁৰ মৰমৰ ভাতৃ কান্নান পট্টম্বীৰ মৃত্যু হয়। তেওঁ অন্ত্যেষ্টিক্ৰিয়াৰ বিষয়েও তথ্য প্ৰদান কৰি কয় যে ৫ জানুৱাৰীত বিয়লি ৪ বজাত পট্টম্বিৰ পূৰ্বপুৰুষৰ ঘৰ ঞ্জাংগাথিৰিত সম্পন্ন কৰা হ’ব। এই পোষ্টটোৱে চলচ্চিত্ৰ উদ্যোগ আৰু অনুৰাগীৰ মাজত শোকৰ ঢৌ তুলিছিল, ছ’চিয়েল মিডিয়াত শ্ৰদ্ধাঞ্জলি ঢালিছিল।
কান্নান পটম্বী আছিল মালয়ালম চলচ্চিত্ৰ জগতৰ এজন সন্মানীয় ব্যক্তি। অভিনয়ৰ উপৰিও তেওঁ প্ৰডাকচন কণ্ট্ৰ’লাৰ হিচাপেও উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। সামৰিক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৰে গুৰুতৰ বিষয়বস্তুৰ ওপৰত আধাৰিত ছবিৰ বাবে তেওঁ স্বীকৃতি লাভ কৰিছিল। ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ আধাৰত নিৰ্মিত তেওঁৰ প্ৰশংসিত ছবি মিছন ৯০ ডেজৰ বহু প্ৰশংসা লাভ কৰে। ইয়াৰ উপৰিও তেওঁ মোহনলালৰ সৈতে জোচেফ, অডিয়ান, আৰু ল্যাণ্ডমাৰ্ক ব্লকবাষ্টাৰ পুলিমুৰুগান আদি ছবিত কাম কৰিছিল, যিখন ছবি ₹১ বিলিয়নৰ সীমা অতিক্ৰম কৰা প্ৰথমখন মলয়ালম ছুপাৰহিট ছবি হিচাপে পৰিগণিত হৈছিল। তেওঁৰ মৃত্যুৰ লগে লগে মলয়ালম চিনেমাই এটা গুৰুত্বপূৰ্ণ স্তম্ভ হেৰুৱাই পেলালে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া