
মাজুলী, ০৫ জানুৱাৰী (হি.স.): ৰাজ্যত এতিয়া চৌদিশে বনভোজ খোৱাৰ উছাহ। নতুন বছৰৰ প্ৰথমটো দেওবাৰে বিয়লি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপজা গাঁও বিন্ধাকটা মুলুক গাঁৱবাসীয়ে ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত আয়োজন কৰিলে বনভোজৰ লগতে সাংস্কৃতিক অনুষ্ঠান।বহু ব্যস্ততাৰ মাজতে আপোন গাঁওখনত আপোন মানুহৰ সৈতে বনভোজ উপভোগ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
যোৱা কালি দেওবাৰে আবেলি পৰত হোৱা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন, বিধায়ক বিনোদ হাজৰিকা, সঞ্জয় কিষাণ, টেৰছ গোৱালা, চক্ৰধৰ গগৈ, তৰংগ গগৈৰ সৈতে বিন্ধাকটাত উপস্থিত হৈ গাঁৱবাসীয়ে আয়োজন কৰা বনভোজৰ মাদকতা ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ জড়িয়তে ৰাজ্য বাসী তথা দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিন্ধাকটা মুলুক গাঁওবাসীৰ সৈতে মত বিনিময়ো কৰে। ইফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিকৰ আগত অসমত এইবাৰ একপক্ষীয় নিৰ্বাচন হ'ব বুলি উল্লেখ কৰি কেৱল বি জে পি দলে আধিপত্য লাভ কৰিব বুলি মন্তব্য কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ