শিৱসাগৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে আন্তৰ্জাতিক মে-ডাম-মে-ফি উৎসৱ
শিৱসাগৰত আন্তজাতিক মে- ডাম - মে - ফি। সংবাদ মেল ৷
শিৱসাগৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে আন্তৰ্জাতিক মে-ডাম-মে-ফি উৎসৱ


শিৱসাগৰ, ০৫ জানুৱাৰী (হি.স.): শিৱসাগৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'ব আন্তৰ্জাতিক মে-ডাম-মে-ফি উৎসৱ। বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি উদযাপন সমিতিৰ সভাপতি ভৈৰৱ মুণ্ডাই যোৱা কালি দেওবাৰে সন্ধিয়া আন্তৰ্জাতিক মে-ডাম-মে-ফি উৎসৱ সম্পৰ্কত এক সংবাদ মেল সম্বোধন কৰে।

এইবাৰ তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'ব মে-ডাম-মে-ফি উৎসৱ৷ সেই অনুসৰি ৩০, ৩১ আৰু ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই মে- ডাম - মে - ফি উৎসৱ ৷ প্ৰথম দিনা পুৱা পতাকা উত্তোলনেৰে অনুস্থান আৰম্ভ হ'ব ৷ আন্তৰ্জাতিক পৰ্য্যায়ত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সৰ্বোচ্চ ত্যাগ কৰা সকলক তৰ্পন কৰা হ'ব ৷ ইয়াৰ লগত সংগতি ৰাখি আন্তৰ্জাতিক পৰ্য্যায়ৰ চিত্ৰাংকন প্ৰতিযোগিতা অনুস্থিত হ'ব ৷ লাউচ, থাইলেণ্ড, ইণ্ডোনেছিয়াৰ বুৰঞ্জীবিদৰ উপস্থিতিত অনুস্থিত হ'ব আলোচনা চক্ৰ ৷ লগতে ৰাজ্যিক পৰ্য্যায়ত তৰ্ক প্ৰতিযোগিতাৰো ব্যৱস্থা কৰা হৈছে ৷

ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অলিম্পিক দৌৰ প্ৰতিযোগিতা, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মাৰাথান প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব ৷ আনহাতে অসমীয়া জাতি সত্বাক প্ৰতিফলিত হোৱাকৈ এক সমন্বয় শীৰ্ষক সাংস্কৃতিক শোভাযাত্ৰা অনুস্থিত কৰা হ'ব ৷ এই উৎসৱৰ মুকলি সভাত মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব বুলি ৰংপুৰ মে-ডাম-মে-ফি উদযাপন সমিতিৰ সভাপতি ভৈৰৱ মুণ্ডাই সংবাদ মেলত ব্যক্ত কৰে।

আনহাতে সাংস্কৃতিক অনুষ্ঠানত সাঁচী পাঠৰ পুথিৰ পৰা মই গন্ধৰে কৈছো শীৰ্ষক ঐতিহাসিক পুণাংগ নাট মঞ্চস্থ কৰা হ'ব ৷ শিখা কোঁৱৰ, কৰবী ডেকা হাজৰিকা, নীলাক্ষী বৰগোহাই, সংগীতা পিচলানিৰ লগতে কেইবা বৰেণ্য মহিলাই অংশ গ্ৰহণ কৰিব ৷ সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটা, সুশান্ত বৰগোহাঁই, লুৰিণজ্যোতি গগৈ, সমীৰণ ফুকনৰ লগতে ৰাজ্যৰ অধিকাংশ দল সংগঠনৰে শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰিব ৷ সামৰণিৰ নিশা বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্য্যসূচী অনুস্থিত হ'ব ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande