
নগাঁও, ০৫ জানুৱাৰী (হি.স.)। নগাঁৱৰ চামগুৰিৰ ভেলেউগুৰিত পুৱা চোৰাং চিকাৰীয়ে নিধন কৰিলে বিলুপ্তপ্ৰায় বনৰীয়া চৰাই।
ভেলেউগুৰি-শিঙীয়া পথত এই ঘটনা।
চৰাই সমূহ নিধন কৰি কেইবাটাও মোনাত ভৰাই লৈ যায় একাংশ অচিনাক্ত লোকে। স্থানীয় গাওঁপ্ৰধান তথা প্ৰকৃতিপ্ৰেমী যুৱক দীপজ্যোতি বৰাই বাট আগুছি চোৰাং চিকাৰী কেইটাক কৰায়ত্ত কৰাৰ চেষ্টা কৰে যদিও চোৰাং চিকাৰী কেইটাই পলায়ন কৰে।
উল্লেখ্য যে চোৰাং চিকাৰী কেইটাই তিনিটা বিলুপ্তপ্ৰায় ডাউক চৰাইৰ লগতে শালিকা,কপৌ আদি চৰাই নিধন কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু