বিলাসীপাৰাৰ এখন বালিকা বিদ্যালয়ৰ ছাত্ৰীনিবাসত দুই যুৱকৰ প্ৰৱেশক লৈ অঞ্চলজুৰি উত্তেজনা
ধুবুৰী, ০৫ জানুৱাৰী (হি.স.)। বিলাসীপাৰাত কালি নিশা সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। নায়েৰ আলগা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰী নিবাসত সংঘটিত হৈছে এই ঘটনা।বিদ্যালয়খনত ছাত্ৰী নিবাসত দুগৰাকী যুৱকৰ অনাধিকাৰ প্ৰৱেশ কৰাক লৈ সৃষ্টি হয় এই উত্তপ্ত প
বিলাসীপাৰাৰ এখন বালিকা বিদ্যালয়ৰ ছাত্ৰীনিবাসত দুই যুৱকৰ প্ৰৱেশক লৈ অঞ্চলজুৰি উত্তেজনা


ধুবুৰী, ০৫ জানুৱাৰী (হি.স.)। বিলাসীপাৰাত কালি নিশা সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। নায়েৰ আলগা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰী নিবাসত সংঘটিত হৈছে এই ঘটনা।বিদ্যালয়খনত ছাত্ৰী নিবাসত দুগৰাকী যুৱকৰ অনাধিকাৰ প্ৰৱেশ কৰাক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ।বিদ্যালয়খনত ছোৱালী লগত অপকৰ্মৰ কৰাৰ সন্দেহত ৰাইজে আটক কৰি উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে।

যুৱক দুজনৰ ক্ৰমে কাজাইকাটা পঞ্চম খণ্ডৰ কুৰমান আলী আৰু আফচাদুল ইছলাম বুলি জানিব পৰা গৈছে।ৰাইজৰ অভিযোগ নায়েৰ আলগা কস্তুৰবা গান্ধী বালিকা বিদ্যালয় প্ৰধান শিক্ষয়ত্ৰীৰ দায়িত্বহীনতাৰ বাবেই এনেকুৱা ঘটনা সংঘটিত হবলৈ পোৱা বুলি অভিযোগ কৰে অভিভাৱকসকলে।।বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰীৰ গাফিলতিৰ আৰু নিস্ক্ৰিয়তাৰ বাবে মাহত কেইবাটাও ছাত্ৰী নিবাসত লৰা প্ৰবেশ কৰি কু কৰ্ম কৰাৰ সুবিধা পায় বুলি অভিযোগ স্থানীয় ৰাইজৰ। অতি শীঘ্ৰে ধুবুৰী শিক্ষা বিষয়াৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ বিদ্যালয় খনৰ শিক্ষয়ত্ৰী গৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনায় স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande