
ওৰাং, ০৫ জানুৱাৰী (হি.স.)। ওৰাং আৰক্ষীৰ অভিযানত পুনৰ ১৭৪ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ। এজন গাঞ্জা ব্যৱসায়িক আটক আৰক্ষীৰ।
ওদালগুৰি জিলা ওৰাং আৰক্ষীৰ অভিযানত পুনৰ বৃহৎ পৰিমানৰ নিষিদ্ধ গাঞ্জা জব্দ। অভিযানত ১৭৪ কেজি নিষিদ্ধ গাঞ্জা জব্দ কৰে আৰক্ষীয়ে।ৰৌতা আৰক্ষীৰ চক্ৰ পৰিদৰ্শক উৎপল শৰ্মা, ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হীৰক জ্যোতি দাস,এছ আই সুৰজীত হাজৰীকাৰ লগত নিশা যোৱা এক বৃহৎ আৰক্ষীৰ দলে ধনশ্ৰীঘাটৰ জামুগুৰী অঞ্চলত গাঞ্জা বিচাৰি চলাইছিল জুৰদাৰ অভিযান।
আৰক্ষীৰ উক্ত অভিযানত জামুগুৰি অঞ্চলৰ কহোঁৱা হাবিৰ মাজৰ পৰা ১৭৪ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। গাঞ্জা খিনি অৰুণাচল পাহাৰৰ পৰা গাঞ্জা কঢ়িয়াই আনি কহোঁৱা হাবিত লোকুৱাই ৰাখিছিল গাঞ্জা সৰবৰাহকাৰী জামুগুৰি গাওঁৰ নাৱলা বসুমতাৰীয়ে। পিছত ওৰাং আৰক্ষীয়ে গাঞ্জা সহ নাৱলা বসুমতাৰীক আটক কৰি নিশাই ওৰাং থানালৈ লৈ আনে । ওৰাং আৰক্ষীয়ে ১/২৬ নম্বৰত এটা কেচ ৰোজু কৰি তদন্ত চলাই আছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু