মুখ্যমন্ত্ৰীৰ বিধায়ক দিগন্ত ঘটোৱাৰলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন
গুৱাহাটী, ০৫ জানুৱাৰী (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাৰ সহযোগী তথা বিহালী সমষ্টিৰ বিধায়ক দিগন্ত ঘটোৱাৰলৈ জন্মদিনৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। ছ’চিয়েল মিডিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে ঘটোৱাৰে বিহালীবাসীৰ সামগ্ৰিক
The image shared by Assam CM Dr Himanta Biswa Sarma.


গুৱাহাটী, ০৫ জানুৱাৰী (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাৰ সহযোগী তথা বিহালী সমষ্টিৰ বিধায়ক দিগন্ত ঘটোৱাৰলৈ জন্মদিনৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।

ছ’চিয়েল মিডিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে ঘটোৱাৰে বিহালীবাসীৰ সামগ্ৰিক উন্নয়নৰ বাবে অক্লান্তভাৱে আৰু দায়বদ্ধতাৰে কাম কৰি আছে, যিটো প্ৰশংসনীয়।

ড° শৰ্মাই বিধায়ক দিগন্ত ঘটোৱাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে দেৱী কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত প্ৰাৰ্থনা কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

 rajesh pande