ৰহাত অনুষ্ঠিত হ’ব নামধৰ্ম জনজাতি সমাজ অসমৰ সোণালী জয়ন্তী সমাৰোহ
ৰহাত অনুষ্ঠিত হ’ব নামধৰ্ম জনজাতি সমাজ অসমৰ সোণালী জয়ন্তী সমাৰোহ
ৰহাত অনুষ্ঠিত হ’ব নামধৰ্ম জনজাতি সমাজ অসমৰ সোণালী জয়ন্তী সমাৰোহ


ৰহাত অনুষ্ঠিত হ’ব নামধৰ্ম জনজাতি সমাজ অসমৰ সোণালী জয়ন্তী সমাৰোহ


নগাঁও, ০৫ জানুৱাৰী (হি.স.)। হৰিনামৰ ধ্বনি, নাম-কীৰ্তনেৰে মুখৰিত হৈ পৰিছে ৰহাৰ বাটমাৰী পথাৰ ৷ অহা ৩০, ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত ৰহাত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰগুৰু নামধৰ্ম জনজাতি সমাজ, অসমৰ সোণালী জয়ন্তী সমাৰোহ ৷

কেন্দ্ৰীয় সেৱাবাহিনী, কেন্দ্ৰীয় আইমাতৃ গোটৰ উদ্যোগত আৰু দক্ষিন মাণ্ডলিকৰ সহযোগত ৰহাৰ বাটমাৰী পথাৰত অনুষ্ঠিত হ’বলগীয়া সমাজৰ এই সোণালী জয়ন্তী উৎসৱৰ বাবে সোমবাৰে মাংগলিক কাৰ্যসূচীৰ মাজেৰে লাইখুঁটা স্থাপন কৰা হয়৷ সমবাৰে পুৱা শতাধিক শতাধিক ভকত বৈষ্ণৱ, আইমাতৃয়ে টোপাকুছি নামঘৰৰ পৰা শোভাযাত্ৰা কৰি লাইখুঁটা বাটমাৰী পথাৰলৈ আনে আৰু এনেদৰে নাম কীৰ্তনৰ তথা ধৰ্মীয় ৰীতি নীতিৰে লাইখুঁটা স্থাপন কৰা হয়৷ ৩০, ৩১জানুৱাৰী আৰু ১ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰগুৰু নামধৰ্ম জনজাতি সমাজ অসমৰ এই সোণালী জয়ন্তী উৎসৱৰ প্ৰত্যেক দিনাই ভাগৱত পাঠ, নাম কীৰ্তন, ধৰ্মালোচনী সভাৰ লগতে অন্তিম দিনা উলিওৱা হ’ব বৰ্ণিল ভাগৱত শোভাযাত্ৰা৷

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande