গোলাঘাটৰ আঠখেলীয়া বেবেজীয়াত চুৰি গৰু উদ্ধাৰ
গোলাঘাট, ০৫ জানুৱাৰী (হি.স.)। গোলাঘাটৰ আঠখেলীয়া বেবেজীয়া গাঁৱৰ এখন বাৰীৰ পৰা পুৱা ৰাইজে ৩ টা চুৰি গৰু উদ্ধাৰ কৰে৷ জনবসতি সেৰেঙা নিৰ্জন ঠাইডোখৰ পৰা গৰু কেইটা এখন বাহনত নিবলৈ লওতেই প্ৰাতঃভ্ৰমণলৈ অহা লোকে প্ৰত্যক্ষ কৰি সন্দেহত গাঁওবাসীক খবৰ দিয়ে৷ খ
গোলাঘাটৰ আঠখেলীয়া বেবেজীয়াত চুৰি গৰু উদ্ধাৰ


গোলাঘাট, ০৫ জানুৱাৰী (হি.স.)। গোলাঘাটৰ আঠখেলীয়া বেবেজীয়া গাঁৱৰ এখন বাৰীৰ পৰা পুৱা ৰাইজে ৩ টা চুৰি গৰু উদ্ধাৰ কৰে৷ জনবসতি সেৰেঙা নিৰ্জন ঠাইডোখৰ পৰা গৰু কেইটা এখন বাহনত নিবলৈ লওতেই প্ৰাতঃভ্ৰমণলৈ অহা লোকে প্ৰত্যক্ষ কৰি সন্দেহত গাঁওবাসীক খবৰ দিয়ে৷

খবৰ লাভ কৰি গাঁওবাসী উক্ত স্হানত উপস্থিত হোৱা সময়তে বাহনখন অহা লোককেইজন পলায়ন কৰাত ৰাইজে চুৰি হোৱা গৰু বুলি সন্দেহ কৰে৷ ইয়াৰ পিছতে হাবি সদৃশ হৈ থকা বাৰীখনৰ পৰা ৰাইজে গৰু কেইটা উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে৷উল্লেখ্য যে আঠখেলীয়া অঞ্চলত দীৰ্ঘদিনৰ পৰা গৃহস্থৰ গোহালি,পথাৰ আৰু ৰাজপথৰ পৰা বিলাসী বাহনত চোৰে গৰু চুৰি কৰি আহিছে৷এইক্ষেত্ৰত ৰাইজে স্হানীয় আৰক্ষীক অভিযোগ দাখিল কৰিছে যদিও একো সুফল লাভ নকৰা বুলি অভিযোগ উথ্বাপন কৰিছে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande