
ধুবুৰী, ০৫ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰৰ মাজমজিয়াত যোৱা কালি দেওবাৰে বিয়লি ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। চহৰৰ খনৰ ৩ নং ৱাৰ্ডৰ চাচাপাৰাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড ঘটনা।
জানিব পৰামতে, ৩ নং ৱাৰ্ডৰ বাসিন্দা অহমত আলী নামৰ লোকজনৰ বাসগৃহত জুইৰ সূত্ৰপাত হয়। বিদ্যুৎ শৰ্ট ছাৰ্কিটৰ ফলত অগ্নিকাণ্ড সূত্ৰপাত ঘটে। অগ্নিকাণ্ডৰ ফলত অহমত আলীৰ তিনিখন বাসগৃহত জুইত ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত বাসগৃহতটো প্ৰয়োজনীয় নথি পত্ৰ ঘৰৰ থকা আজবাব সহ প্ৰায় ১০ লক্ষাধিক টকাৰ সা-সম্পত্তি ক্ষয়-ক্ষতি হয়। ঘটনাস্থলীত বিলাসীপাৰাৰ দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ফলত ওচৰে পাজৰে থকা আন আন গৃহসমূহ কথমপি ৰক্ষা পৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ