
যোৰহাট, ০৫ জানুৱাৰী (হি.স.)। যোৰহাটত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত ৰেল আৰক্ষীৰ সহযোগত অভিযান চলাই নিশা মৰিয়নি ৰেল ষ্টেছনত প্রায় ২০ লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ৰাজু কুমাৰ ৰাম নামৰ বিহাৰৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিব সক্ষম হয়।
সম জিলা আৰক্ষী অধীক্ষক তৰুন গ'য়েল আৰু উপ আৰক্ষী অধীক্ষক কৰ্ণব পাটোৱাৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে মৰিয়নি ৰেল আৰক্ষীৰ সহযোগত ২২৫০৩ নম্বৰৰ উজনিমুৱা বিবেক এক্সপ্রেছত অভিযান চলাই বি-৪ নম্বৰৰ ডবাত চলিছিল অভিযান। ড্ৰাগছ সৰবৰাহকাৰী জনক পিছত আৰক্ষী থানাত জেৰা চলাই থকা হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু