
নগাঁও, ০৫ জানুৱাৰী (হি.স.)। নিষিদ্ধ ড্ৰাগছৰ বিৰূদ্ধে নগাঁৱৰ ৰূপহীহাট আৰক্ষীৰ ধাৰাবাহিক অভিযান। পুনৰ আৰক্ষীৰ অভিযানত সন্দেহযুক্ত হিৰ'ইন সহ আটক এটা কুখ্যাত সৰবৰাহকাৰী।
এক নিশ্চিত সূত্ৰৰ ভিত্তিত ৰূপহী হাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সূৰজ দত্তৰ নেতৃত্বত নিশা ৰূপহীৰ নতুন বজাৰত চলিছিল এই অভিযান। ৰূপহীহাটৰ চাইদৰীয়াৰ ফালে সন্দেহযুক্ত হিৰ'ইন খিনি বিক্ৰী কৰিবলৈ আহি থকা অৱস্থাতে আটক কৰে ধৃত সৰবৰাহকাৰীটোক। ধৃত সৰবৰাহকাৰীটো হৈছে ৰূপহীহাটৰ খনাটোপৰ কামাল হুছেইন।
ধৃত সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ২১ টাকৈ নিষিদ্ধ ড্ৰাগছ ভৰ্তি কন্টেইনাৰৰ লগতে এটা নিষিদ্ধ ড্ৰাগছ ভৰ্তি পলিপ্ৰ'পিলিন। ২১ টাকৈ কন্টেইনাৰ ভৰ্তি সন্দেহযুক্ত হিৰ'ইন খিনিৰ পৰিমাণ ২৯.৯৮ গ্ৰাম,লগতে পলিপ্ৰ'পিলিন ভৰ্তি সন্দেহযুক্ত হিৰ'ইন খিনিৰ পৰিমাণ ২.৭৩ গ্ৰাম। সম্প্ৰতি ধৃত সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু