ধুবুৰী জিলা বিজেপি কাৰ্যালয়ত দলীয় প্ৰতীকৰ দেৱাল লিখনি কাৰ্য্যৰ শুভাৰম্ভণি কৰে
ধুবুৰী, ০৫ জানুৱাৰী (হি.স.)। ধুবুৰী জিলা বিজেপি কাৰ্যালয়ত দলীয় প্ৰতীকৰ দেৱাল লিখনি কাৰ্য্যৰ শুভাৰম্ভণি কৰে। সমাগত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলা বিজেপি কাৰ্
ধুবুৰী জিলা বিজেপি কাৰ্যালয়ত দলীয় প্ৰতীকৰ দেৱাল লিখনি কাৰ্য্যৰ শুভাৰম্ভণি কৰে


ধুবুৰী, ০৫ জানুৱাৰী (হি.স.)। ধুবুৰী জিলা বিজেপি কাৰ্যালয়ত দলীয় প্ৰতীকৰ দেৱাল লিখনি কাৰ্য্যৰ শুভাৰম্ভণি কৰে।

সমাগত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলা বিজেপি কাৰ্যালয়তো দলীয় প্ৰতীকৰ দেৱাল লিখনি কাৰ্য্যৰ শুভাৰম্ভণি কৰে ধুবুৰী বিজেপি জিলা সভাপতি ৰঞ্জিত কুমাৰ ৰয়ে। জিলাখনত প্ৰতিটো বুথ স্তৰত দেৱাল লিখনি কৰা হব বুলি সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে।

ধুবুৰী জিলাখনত যি কেইটা সমষ্টি আছে প্ৰতিটো সমষ্টিতে ২০২৬ ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থিত্ব দি আজিৰ পৰা প্ৰচাৰ অভিযান আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। আজিৰ উক্ত কাৰ্যসূচীত সভাপতিগৰাকীৰ লগত উপস্থিত থাকে বিজেপি জিলা সম্পাদক উত্তম প্ৰসাদ, অমিত চক্ৰবৰ্তী, বিভিন্ন স্তৰৰ তথা মণ্ডলৰ পৰা অহা বিজেপি কাৰ্যকৰ্তা সকল। উল্লেখ্য যে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক বহিৰাগত বুলি মন্তব্য আগবঢ়ায় লগতে এইবাৰ ধুবুৰীবাসী ৰাইজে নেতাক বহিৰাগত প্ৰাৰ্থীক খেদাব লাগে বুলি মন্তব্য আগবঢ়ায়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande