
গোলাঘাট, ০৪ জানুৱাৰী (হি.স.)।উন্নয়নৰ আঁচোৰ পৰা নাই খুমটাই সমষ্টিৰ সেন্দুৰীটিং চাহ বাগিচা অঞ্চল। ইয়াৰ বাবে চৰকাৰ-জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে উন্নয়নৰ পৰা বঞ্চিত জনতাই।
খুমটাই সমষ্টিৰ সেন্দুৰীটিঙ চাহ বাগিচা অঞ্চলৰ চাহ জনগোষ্ঠীয় অঞ্চলটো সামগ্ৰীক উন্নয়নৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ আনিলে স্থানীয় ৰাইজে। বিশেষকৈ কেপ্তেইন জিন্টু গগৈ পথৰ পৰা পতিয়া পথাৰ সংযোগী এটা গুৰুত্বপূৰ্ণ পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে অঞ্চলবাসী লোক সকলক।
উল্লেখ্য যে কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণ হোৱা পথটি এতিয়া জহি খহি বিধ্বস্ত হৈ পৰিছে। বৰ্তমানৰ চৰকাৰৰ চকুত আজিও পৰা নাই এই বিধ্বস্ত পথটো। একেদৰে অনান্য চৰকাৰী কল্যাণমূলক কাম-কাজৰ পৰাও অঞ্চলটোক এলাগী কৰাৰ অভিযোগ উত্থাপিত হৈছে। সেয়ে অতিষ্ঠ হৈ পৰা জনতা জনপ্ৰতিনিধিৰ বিৰুদ্ধে ওলাই আহি প্ৰতিবাদ মুখৰ হৈ পৰে
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা