দেৰগাঁৱত অনুষ্ঠিত সদৌ অসম ভিত্তিত কাৰাটে প্ৰতিযোগিতা
গোলাঘাট, ০৫ জানুৱাৰী (হি.স.)। দেৰগাঁৱত সদৌ অসম ভিত্তিত কাৰাটে প্ৰতিযোগিতা। এদিনীয়া কাৰ্যসূচীৰে দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিত অনুষ্ঠিত হয় উক্ত প্ৰতিযোগিতাখন। দেৰগাঁও আছিহাৰা কাৰাটে স্কুলৰ উদ্যোগত কৰণ লোহাৰ সোঁৱৰণি সদৌ অসম মুকলি কাৰাটে প্ৰতি
দেৰগাঁৱত অনুষ্ঠিত সদৌ অসম ভিত্তিত কাৰাটে প্ৰতিযোগিতা


গোলাঘাট, ০৫ জানুৱাৰী (হি.স.)। দেৰগাঁৱত সদৌ অসম ভিত্তিত কাৰাটে প্ৰতিযোগিতা। এদিনীয়া কাৰ্যসূচীৰে দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিত অনুষ্ঠিত হয় উক্ত প্ৰতিযোগিতাখন। দেৰগাঁও আছিহাৰা কাৰাটে স্কুলৰ উদ্যোগত কৰণ লোহাৰ সোঁৱৰণি সদৌ অসম মুকলি কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হয়।

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে অসমৰ ভিন্ন জিলাৰ পৰা অহা প্ৰতিযোগী সকলে। চিনিয়ৰ, জুনিয়ৰ আৰু চাব-জুনিয়ৰ তিনিটা শাখাতে এই মুকলি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতা খনৰ শ্ৰেষ্ঠ দল দেৰগাঁও আছিহাৰা কাৰাটে স্কুল। দ্বিতীয় স্থান দখল কৰে শিৱসাগৰৰ কাৰাটে স্কুলে , তৃতীয় শ্ৰেষ্ঠ দল বোকাজান কাৰাটে এছোচিয়েচন। প্ৰতিযোগিতা খনৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে দেৰগাঁও আছিহাৰা কাৰাটে স্কুলৰ যাচিন ৰহমানে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande