চামগুৰিত ড্ৰাগছ বিৰোধী অভিযান
চামগুৰিত ড্ৰাগছ বিৰোধী অভিযান।
চামগুৰিত ড্ৰাগছ বিৰোধী অভিযান


নগাঁও, ০৫ জানুৱাৰী (হি.স.): নগাঁও জিলাৰ চামগুৰিত যোৱা কালি দেওবাৰে সন্ধিয়া আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলায় । অভিযানত জব্দ কৰা হয় ২৬ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ । ইয়াৰ লগতে আটক কৰা হৈছে দুই সৰবৰাহকাৰী।

সৰবৰাহকাৰী কেইটা বাজীয়া গাঁৱৰ চুহেল ইছলাম আৰু এমৰাজুল হক বুলি পৰিচয় পোৱা গৈছে । চামগুৰি আৰক্ষী উপ পৰিদৰ্শক জিতুমনি কলিতাৰ নেতৃত্বত চলোৱা অভিযানত দুই সৰবৰাহকাৰীক কৰায়ত্ত কৰি ড্ৰাগছ জব্দ কৰে। ইয়াৰ লগতে এএছ ০২ এজে ৮০৯২ নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰে। আৰক্ষীৰ অভিযানত বাবুল হুছেইন নামৰ অন্য এজন যুৱক সোধা পোছাৰ বাবে ঘটনা স্থলীৰ পৰা আৰক্ষীয়ে আটক কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande