ছিডনী টেষ্টঃ দ্বিতীয় দিনা সোমবাৰৰ খেল অন্ত, জো ৰুটৰ পণ্টিঙৰ অভিলেখৰ সমতা
- অষ্ট্ৰেলিয়াৰ শক্তিশালী আৰম্ভণি ছিডনী, ০৫ জানুৱাৰী (হি.স.)। অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা পাঁচখন খেলৰ এছেছ শৃংখলাৰ অন্তিম টেষ্ট ছিডনী ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হৈছে। টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ বাছি লোৱা ইংলেণ্ডে প্ৰথম ইনিংছত
फोटो


- অষ্ট্ৰেলিয়াৰ শক্তিশালী আৰম্ভণি

ছিডনী, ০৫ জানুৱাৰী (হি.স.)। অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা পাঁচখন খেলৰ এছেছ শৃংখলাৰ অন্তিম টেষ্ট ছিডনী ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হৈছে। টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ বাছি লোৱা ইংলেণ্ডে প্ৰথম ইনিংছত ৩৮৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে অষ্ট্ৰেলিয়াই দ্বিতীয় দিনা সোমবাৰৰ খেলৰ শেষলৈকে প্ৰথম ইনিংছত ২টা উইকেট হেৰুৱাই ১৬৬ ৰান সংগ্ৰহ কৰে।

দ্বিতীয় দিনা ইংলেণ্ডৰ অভিজ্ঞ বেটছমেন জো ৰুটে পুনৰবাৰ নিজৰ বেটিং দক্ষতা প্ৰমাণ কৰিলে। ৰুটে ২৪২টা বলৰ সন্মুখীন হৈ ১৫টা চাৰিটাকে ধৰি ১৬০ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ কিংবদন্তি বেটছমেন ৰিকি পণ্টিঙৰ সমান কৰি এইটোৱেই আছিল তেওঁৰ টেষ্ট কেৰিয়াৰৰ ৪১ সংখ্যক শতক। টেষ্ট কেৰিয়াৰত ১৬৮খন মেচত ৪১টা শতক অৰ্জন কৰিছিল পণ্টিঙে। এতিয়া সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰা বেটছমেনৰ তালিকাত যৌথভাৱে তৃতীয় স্থানত উপনীত হৈছে জো ৰুট।

এই তালিকাত কেৱল ভাৰতৰ কিংবদন্তি শচীন টেণ্ডুলকাৰ (৫১ শতিকা) আৰু দক্ষিণ আফ্ৰিকাৰ জেক কালিছ (৪৫ শতিকা)হে ৰুটতকৈ আগবাঢ়ি আছে। ইয়াৰ উপৰিও উল্লেখযোগ্য যে ২০২১ চনৰ পিছত এইটো ৰুটৰ ২৪ সংখ্যক টেষ্ট শতক, এই সময়ছোৱাত যিকোনো বেটছমেনৰ সৰ্বাধিক।

ইংলেণ্ডৰ প্ৰথম ইনিংছত ৰুটৰ উপৰিও হেৰী ব্ৰুক ৮৪ ৰান আৰু জেমী স্মিথে ৪৬ ৰান সংগ্ৰহ কৰে। উইল জেকছ আৰু বেন ডাকেটে ২৭ ৰানকৈ বৰঙণি আগবঢ়ায়।

অষ্ট্ৰেলিয়াৰ হৈ ৪টা উইকেট দখল কৰি সৰ্বাধিক সফল বলাৰ হিচাপে পৰিগণিত হয় মাইকেল নেজাৰ। মিচেল ষ্টাৰক আৰু স্কট ব’লেণ্ডে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে কেমেৰন গ্ৰীণ আৰু মাৰ্নাছ লাবুশ্বানে এটাকৈ উইকেট দখল কৰে।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে অষ্ট্ৰেলিয়াই শক্তিশালী আৰম্ভণি কৰিলে। দ্বিতীয় দিনৰ খেলৰ শেষলৈকে দলটোৱে দুটা উইকেট হেৰুৱাই ১৬৬ ৰান সংগ্ৰহ কৰিছিল। ট্ৰেভিছ হেডে উৎকৃষ্ট ফৰ্মত আছে, ৮৭টা বলত অপৰাজিত ৯১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে নাইট চকীদাৰ মাইকেল নেজাৰে ১৫টা বলত ১ ৰান কৰি অপৰাজিত হৈ আছে। অ’পেনাৰ জেক ৱেদাৰাল্ডে ২১ আৰু মাৰ্নাছ লাবুশ্বানে ৪৮ ৰান সংগ্ৰহ কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande