
মাজুলী, ০৫ জানুৱাৰী (হি.স.)। ৰাজ্য়ত শাসকীয় বিজেপি মিত্ৰ জোত বিৰোধী ঢৌ সৃষ্টি কৰাৰ উদ্দেশ্য়ে অসমৰ বিভিন্ন জিলাত অসম প্ৰদেশ কংগ্ৰেছৰ একাংশ কৰ্মী তীব্ৰ প্ৰচাৰ আৰম্ভ কৰিছে। আজি কংগ্ৰেছৰ সহস্ৰাধিক কৰ্মীয়ে কপালে মাজুলীৰ ৰাজপথ৷ মাজুলীৰ জেংৰাইমুখত কংগ্ৰেছ ৰ পদযাত্ৰা৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ “ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ” শীৰ্ষক কাৰ্যসূচীৰ “জাতি বচাওঁক, মাটি বচাওঁক” পদযাত্ৰা কাৰ্য্যসূচী৷
এই পদযাত্ৰাত অংশগ্ৰহণ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেতেৰ৷
মাজুলীত অৱশ্য়ে কংগ্ৰেছৰ পদযাত্ৰাৰ প্ৰতি স্থানীয় ৰাইজে বিশেষ সহাৰি দিয়া নায়।
উক্ত কাৰ্যসূচীত অসম যুৱ কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক মনিশ শৰ্মা আৰু যুৱ কংগ্ৰেছৰ সভাপতি জুৱেইৰ আনমে অংশগ্ৰহন কৰে৷ ইফালে জেংৰাইমুখ ৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত দলটোৱে এক ৰাজহুৱা সভা সম্বোধন কৰে৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু