আজি উন্নয়ণৰ বতৰা লৈ সৰুপথাৰত উপস্থিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা
গোলাঘাট, ০৫ জানুৱাৰী (হি.স.)। আজি উন্নয়ণৰ বতৰা লৈ সৰুপথাৰত উপস্থিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা । বৰপথাৰত হেলিকপ্টাৰত অবতৰণ কৰি ৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় উদ্ধোধন কৰে । তাৰ পিছতে বহু প্ৰত্যাক্ষিত লাভলীন
আজি উন্নয়ণৰ বতৰা লৈ সৰুপথাৰত উপস্থিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা


গোলাঘাট, ০৫ জানুৱাৰী (হি.স.)। আজি উন্নয়ণৰ বতৰা লৈ সৰুপথাৰত উপস্থিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা । বৰপথাৰত হেলিকপ্টাৰত অবতৰণ কৰি ৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় উদ্ধোধন কৰে । তাৰ পিছতে বহু প্ৰত্যাক্ষিত লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্পত উপস্থিত হৈ ১২ কোটি ব্যয়েৰে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা প্ৰকল্পটোৰ শুভ উদ্ধোধন কৰে ।

সমান্তৰালকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অন্য কেইবাটাও আঁচনিৰো ভাৰ্চুৱেলী উদ্ধোধন কৰে । ইয়াৰ পিছতে মুখ্যমন্ত্রী গৰাকীয়ে সৰুপথাৰ সমষ্টিৰ ২৩৭৫৪ গৰাকী মহিলাক লাখপতি বাইদেউ বনোৱাৰ উদ্দেশ্যে মহিলা উদ্যমিতা আঁচনিৰ দহ হাজাৰ টকাৰ চেক প্রদান কৰে । স্বাধীনতাৰ পিচৰে পৰা দেশ শাসন কৰা কংগ্রেছে মহিলাৰ কাৰণে কোনো দিনে চিন্তা কৰা নাচিল বুলি মন্তব্য কৰে । তাৰ পৰিৱৰ্তে বিজেপি চৰকাৰে মহিলা সকলৰ বাবে চিন্তা কৰে বুলি কয় । মুখ্যমন্ত্রী গৰাকীক সংগ দিয়ে বিত্তমন্ত্রী অজন্তা নেওঁগ আৰু সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ লগতে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে । আজিৰ এই অনুষ্ঠানত ৩০ সহস্ৰাধিক লোকে অংশগ্রহণ কৰে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande