বাংলাদেশৰ আই পি এল ২০২৬ সম্প্ৰচাৰ নিষিদ্ধ, মুস্তাফিজুৰক বাদ দিয়াৰ বাবেই এই সিদ্ধান্ত
নতুন দিল্লী, ০৫ জানুৱাৰী (হি.স.)। বৰ্ষ ২০২৬ৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ পৰা বাংলাদেশী খেলুৱৈ মুস্তাফিজুৰ ৰহমানক বাদ দিয়াৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত উত্তেজনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। টি-২০ বিশ্বকাপৰ বাবে নিজৰ দল ভাৰতলৈ প্ৰেৰণ নকৰাৰ সিদ
आईपीएल


নতুন দিল্লী, ০৫ জানুৱাৰী (হি.স.)। বৰ্ষ ২০২৬ৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ পৰা বাংলাদেশী খেলুৱৈ মুস্তাফিজুৰ ৰহমানক বাদ দিয়াৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত উত্তেজনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। টি-২০ বিশ্বকাপৰ বাবে নিজৰ দল ভাৰতলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লোৱাৰ পাছত এতিয়া বাংলাদেশেও নিজৰ দেশত আই পি এল সম্প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিছে। মাৰ্চ মাহৰ পৰা আৰম্ভ হ’ব আই পি এল।

বাংলাদেশৰ প্ৰেছ তথ্য বিভাগে সোমবাৰে এক বিবৃতিত কয় যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক কলকাতা নাইট ৰাইডাৰ্ছ দলৰ পৰা বাদ দিয়াৰ সিদ্ধান্তত বাংলাদেশৰ জনসাধাৰণ গভীৰভাৱে দুখী, আঘাতপ্ৰাপ্ত, আৰু ক্ষুব্ধ হৈ পৰিছে। এনে পৰিস্থিতিত বাংলাদেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অৱগত কৰিছে যে পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বাংলাদেশত আই পি এলৰ সকলো মেচ আৰু আনুষংগিক অনুষ্ঠানৰ সম্প্ৰচাৰ স্থগিত ৰখা হ’ব।

এই বিতৰ্ক আৰম্ভ হয় যেতিয়া বিচিচিআইৰ নিৰ্দেশত আইপিএলৰ ফ্ৰেঞ্চাইজি কলকাতা নাইট ৰাইডাৰ্ছে বাংলাদেশী বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক মুকলি কৰি দিয়ে। যোৱা মাহত অনুষ্ঠিত হোৱা মিনি নিলামত কেকেআৰে মুস্তাফিজুৰক ৯.২০ কোটি ₹ত ক্ৰয় কৰিছিল। ভাৰতৰ কেইবাজনো ৰাজনীতিবিদ আৰু গল্পকাৰে মুস্তাফিজুৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।

ইয়াৰ পূৰ্বে দেওবাৰে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি অহা মাহৰ পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে নিজৰ দল ভাৰতলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

৭ ফেব্ৰুৱাৰীৰ পৰা ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২৬। বাংলাদেশে কলকাতাত তিনিখন আৰু মুম্বাইত এখন লীগ মেচ খেলিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande