বৰছলা সমষ্টিটিত দেৱাল লিখনৰ জৰিয়তে নিৰ্বাচনী ৰণডংকা বজালে বিজেপিয়ে
শোণিতপুৰ, ০৫ জানুৱাৰী (হি.স.)। বৰছলা সমষ্টিটিত দেৱাল লিখনৰ জৰিয়তে নিৰ্বাচনী ৰণডংকা বজালে বিজেপিয়ে ৷গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলিপ শইকীয়াই দেৱাল লিখন শুভাৰম্ভ কৰাৰ পিছতে ৰাজ্যৰ সমান্তৰালভাৱে বৰছলাৰ ঠে
বৰছলা সমষ্টিটিত দেৱাল লিখনৰ জৰিয়তে নিৰ্বাচনী ৰণডংকা বজালে বিজেপিয়ে


শোণিতপুৰ, ০৫ জানুৱাৰী (হি.স.)। বৰছলা সমষ্টিটিত দেৱাল লিখনৰ জৰিয়তে নিৰ্বাচনী ৰণডংকা বজালে বিজেপিয়ে ৷গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলিপ শইকীয়াই দেৱাল লিখন শুভাৰম্ভ কৰাৰ পিছতে ৰাজ্যৰ সমান্তৰালভাৱে

বৰছলাৰ ঠেলামৰাত বিধায়ক গনেশ লিম্বুয়ে দেৱালত বিজেপি দলৰ প্ৰতীক চিহ্ন পদুম ফুল অংকন কৰি আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ ৷

দেৱাল লিখন আৰম্ভ কৰি বৰছলাৰ বিধায়ক গনেশ লিম্বুয়ে কয় আজিৰে পৰা আমি নিৰ্বাচনী ৰণডংকা তথা নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিলো আৰু যেতিয়ালৈকে আমি আগন্তুক নিৰ্বাচনত বিপুল ভোটত জয়ী হব নোৱাৰিম তথা মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ কৰ্মী তথা কাৰ্য্যকৰ্তা সকলে জিৰণি নোলোৱাকৈ নিৰন্তৰ কাম কৰি থাকিব ৷ আজিৰ এই কাৰ্য্যসূচীত বিজেপি দলৰ শতাধিক কাৰ্য্যকৰ্তা উপস্থিত থাকে ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande