যোৰহাট জিলাত বিজেপিৰ নিৰ্বাচনী ৰণ ডংকাৰ শুভাৰম্ভণি
যোৰহাট, ০৫ জানুৱাৰী (হি.স.)। যোৰহাট জিলাত বিজেপিৰ নিৰ্বাচনী ৰণ ডংকাৰ শুভাৰম্ভণি। ২০২৬ ৰ বিধান সভাৰ নিৰ্বাচনলৈ মাজত মাথো 4 তা মাহ থকাৰ সময়তে শাসনাধিষ্ঠ চৰকাৰ খনৰ বিজেপি দলে ৰাইজৰ কাষ চাপিবলৈ চেষ্টা কৰিছে। বিভিন্ন ধৰণৰ সভা সমিতি আয়োজন কৰি নিৰ্
যোৰহাট জিলাত বিজেপিৰ নিৰ্বাচনী ৰণ ডংকাৰ শুভাৰম্ভণি


যোৰহাট, ০৫ জানুৱাৰী (হি.স.)। যোৰহাট জিলাত বিজেপিৰ নিৰ্বাচনী ৰণ ডংকাৰ শুভাৰম্ভণি।

২০২৬ ৰ বিধান সভাৰ নিৰ্বাচনলৈ মাজত মাথো 4 তা মাহ থকাৰ সময়তে শাসনাধিষ্ঠ চৰকাৰ খনৰ বিজেপি দলে ৰাইজৰ কাষ চাপিবলৈ চেষ্টা কৰিছে। বিভিন্ন ধৰণৰ সভা সমিতি আয়োজন কৰি নিৰ্বাচনৰ ৰণ নীতি প্ৰস্তুত কৰাৰ সমান্তৰাল ভাৱে আজি যোৰহাটৰ বিজেপি জিলা সমিতিয়ে নিৰ্বাচনী ৰণ ডংকাৰ শুভাৰম্ভণি কৰে। যোৰহাটৰ বৰি গাওঁ পথৰ বাইপাছ চাৰি আলিৰ কাষৰ খাজুৰি গুৰিত আগন্তুক নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ শুভাৰম্ভণি কৰে। ৰাজপথৰ দেৱালত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতীক অংকন কৰি নিৰ্বাচনৰ ৰণ ডং কাৰ শুভাৰম্ভণি কৰে।

যোৰহাট জিলা সমিতিয়ে আয়োজন কৰা নিৰ্বাচনী প্ৰচাৰ অভিযানৰ শোভাৰম্ভনি অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, যোৰহাট জিলা সমিতিৰ সভাপতি শান্তনু পূজাৰী, বি জি পি ৰ যুৱ নেতা সিদ্ধাংকু অংকুৰ বৰুৱাৰ লগতে কৰ্মী সকল আৰু স্থানীয় ৰাইজ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande