ডিগবৈত আৰম্ভ বিজেপিৰ দেৱাল‌ লিখন কাৰ্যসূচী
তিনিচুকিয়া, ০৫ জানুৱাৰী (হি.স.)। ডিগবৈতো আৰম্ভ হৈছে বিজেপিৰ দেৱাল‌ লিখন কাৰ্যসূচী। আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে আৰম্ভ কৰা দেৱাল‌ লিখন আজি ডিগবৈ বিধান সভা সমষ্টিত শুভাৰম্ভ কৰে ডিগবৈৰ বিধায়ক সুৰেন ফুকন আৰু সমষ্টিৰ প্ৰভাৰী
ডিগবৈত আৰম্ভ বিজেপিৰ দেৱাল‌ লিখন কাৰ্যসূচী


তিনিচুকিয়া, ০৫ জানুৱাৰী (হি.স.)। ডিগবৈতো আৰম্ভ হৈছে বিজেপিৰ দেৱাল‌ লিখন কাৰ্যসূচী। আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে আৰম্ভ কৰা দেৱাল‌ লিখন আজি ডিগবৈ বিধান সভা সমষ্টিত শুভাৰম্ভ কৰে ডিগবৈৰ বিধায়ক সুৰেন ফুকন আৰু সমষ্টিৰ প্ৰভাৰী ভবেশ দত্তই।

লগে লগে সমষ্টিটোৰ আন আন অঞ্চলতো আৰম্ভ হয় দেৱাল‌ লিখন।

অনুষ্ঠানত বিজেপি টিংৰাই মণ্ডলৰ সভানেত্ৰী সৃতি দাস, প্ৰাক্তন জিলা পৰিষদৰ সদস্যা মল্লিকা ফুকন, টিংৰাই আঞ্চলিক পঞ্চায়তৰ সদস্যা প্ৰিয়ংকা বৰুৱা ,বিজেপিৰ তিনিচুকীয়া জিলা মিডিয়া কোষৰ আহ্বায়ক অশোক শৰ্মা, স্থানীয় বিজেপি নেতা তথা ডিগবৈ পৌৰসভাৰ সদস্য দেৱব্ৰত কুমাৰ দাস, নয়নজ্যোতি গগৈ, নিতুমণি চেতিয়া বৰা সহ শতাধিক নেতা কৰ্মী উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande