
গুৱাহাটী, ০৫ জানুৱাৰী (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ড০ মুৰলী মনোহৰ যোশীৰ জন্মদিনত উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।
ছ’চিয়েল মিডিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে ড০ যোশীয়ে ৰাষ্ট্ৰলৈ দীৰ্ঘম্যাদী আৰু অমূল্য অৱদান আগবঢ়াইছে আৰু সদায় ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষা আৰু ভাৰত মাতৃৰ সেৱাত সৰ্বোচ্চ অগ্ৰাধিকাৰ দি আহিছে।
ড° শৰ্মাই দেৱী কামাখ্যা আৰু শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত ড° মুৰলী মনোহৰ যোশীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰি তেখেতৰ সুস্থ আৰু সমৃদ্ধিশালী জীৱনৰ কামনা কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া