
গুৱাহাটী, ০৫ জানুৱাৰী (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি জনগোষ্ঠীৰ প্ৰধান পৰম্পৰাগত ধৰ্মীয় উৎসৱ ৰংকেৰ কাৰক্লি উপলক্ষে কাৰ্বি ভাই-ভনীসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
আজি ছ’চিয়েল মিডিয়াত দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে শীতকালত উদযাপন কৰা ৰংকেৰ কাৰক্লি কাৰ্বি জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ পৰম্পৰাগত উৎসৱ। ইয়াৰ মূল উদ্দেশ্য হৈছে শস্যৰ ভাল উৎপাদন আৰু গাঁৱৰ মঙ্গল কামনা কৰা, স্থানীয় দেৱ-দেৱীক সন্তুষ্ট কৰি অমংগল দূৰ কৰাৰ বাবে এই উৎসৱ পালন কৰা হয়।
এই উৎসৱক বিশ্বাস, ঐক্য, সমৃদ্ধিৰ প্ৰতীক বুলি অভিহিত কৰি ড° শৰ্মাই কামনা কৰে যে ইয়ে সকলোৰে জীৱনলৈ সুখ, শান্তি, সম্প্ৰীতি, সামগ্ৰিক মংগল কঢ়িয়াই আনে। লগতে এই শুভ দিনটোত সকলোৰে মংগল আৰু সমৃদ্ধিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া