
বৰপেটা, ০৫ জানুৱাৰী (হি.স.): বজালীত যোৱা শনিবাৰে দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ থকা ছাত্ৰ এজনৰ যোৱা কালি দেওবাৰে সন্ধিয়া মৃত্যু হয় l বৰপেটা চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় প্ৰাণজিৎ বৰ্মন নামৰ ছাত্ৰ জনৰ l
ইফালে একেলগে দুৰ্ঘটনাত পতিত বিকাশ কলিতা নামৰ ছাত্ৰজনো সংকটজনক অৱস্থাত এতিয়া বৰপেটাত চিকিৎসাধীন হৈ আছে lআনহাতে প্ৰবাল তালুকদাৰ নামৰ ছাত্ৰ গৰাকীও সংকটজনক অৱস্থাত গুৱাহাটীত চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে শনিবাৰ সংঘটিত হোৱা ঘটনাত দশম মান শ্ৰেণীৰ চাৰি গৰাকী ছাত্ৰ আহত হৈছিল l
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ