টীয়ক আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নৱম ত্ৰি-বাৰ্ষিক কাৰ্যকালৰ প্ৰথম সাধাৰণ সভা অনুষ্ঠিত
যোৰহাট, ০৪ জানুৱাৰী (হি.স.)। টীয়ক আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নৱম ত্ৰি-বাৰ্ষিক কাৰ্যকালৰ প্ৰথম সাধাৰণ সভা অনুষ্ঠিত । সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অন্তৰ্গত টীয়ক আঞ্চলিক সমিতিৰ নৱম ত্ৰি-বাৰ্ষিক কাৰ্যকালৰ প্ৰথম সাধাৰণ সভা খন আজি আড়ম্
টীয়ক আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নৱম ত্ৰি-বাৰ্ষিক কাৰ্যকালৰ প্ৰথম সাধাৰণ সভা অনুষ্ঠিত ।


যোৰহাট, ০৪ জানুৱাৰী (হি.স.)। টীয়ক আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নৱম ত্ৰি-বাৰ্ষিক কাৰ্যকালৰ প্ৰথম সাধাৰণ সভা অনুষ্ঠিত ।

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অন্তৰ্গত টীয়ক আঞ্চলিক সমিতিৰ নৱম ত্ৰি-বাৰ্ষিক কাৰ্যকালৰ প্ৰথম সাধাৰণ সভা খন আজি আড়ম্বৰ পূৰ্ণ পৰিবেশত পূৱ টীয়ক গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে টীয়ক আঞ্চলিক সমিতিৰ সভাপতি ৰঞ্জন বৰুৱাই ।

স্মৃতি তৰ্পণ কৰে উপদেষ্টা বলীন কুমাৰ বৰুৱাই । বৃক্ষৰোপণ কৰে বামুণপুখুৰী গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য বিতুল বৰাই। টীয়ক আঞ্চলিক সমিতিৰ সভাপতি ৰঞ্জন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা খন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে টীয়ক আঞ্চলিক সমিতিৰ উপদেষ্টা দিলীপ বৰাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জিলা উপ-সভাপতি দিপক বৰুৱা। জিলা সমিতিৰ সম্পাদক কৃষ্ণ প্ৰসাদ শৰ্মা নিৰ্দিষ্ট বক্তা হিচাবে বক্তব্য প্ৰদান কৰা মুকলি সভাত জিলাত পৰ্যবেক্ষক হিচাপে জিলা উপ-সভাপতি দিগন্ত প্ৰতীম নেওগ উপস্থিত থাকে। আজিৰ টীয়ক আঞ্চলিক সমিতিৰ নৱম ত্ৰি-বাৰ্ষিক কাৰ্যকালৰ প্ৰথম সাধাৰণ সভাত দুটা এগ্ৰিকালচাৰেল কোম্পানী ক্ৰমে INDOFIL আৰু IPL ৰ‌ উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত থকাৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক বহু মূল্যবান পৰামৰ্শ আগবঢ়ায়। উল্লেখযোগ্য যে আজিৰ এই মুকলি সভাৰ আৰম্ভণিতে টীয়ক আঞ্চলিক সমিতিৰ সম্পাদক ভৱেশ সাধনীদাৰ আৰু বিত্ত সম্পাদক জগত চন্দ্ৰ বড়াই ক্ৰমে সম্পাদকীয় প্ৰতিবেদন আৰু বিত্তীয় প্ৰতিবেদন দাখিল কৰে । দিনজোৰা কাৰ্যসূচীত শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কে অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande