
নতুন দিল্লী, ০৪ জানুৱাৰী (হি.স.)। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দেওবাৰে ঘোষণা কৰিছে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ৪ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ ফ্ৰান্স আৰু লাক্সেমবাৰ্গলৈ আনুষ্ঠানিক ভ্ৰমণ কৰিব ।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি জয়শংকৰে পেৰিছত ফ্ৰান্সৰ নেতৃত্বৰ সৈতে সাক্ষাৎ কৰিব আৰু বৈদেশিক মন্ত্ৰী জিন নৱেল বেৰ’টৰ সৈতে আলোচনা কৰিব। ভাৰত-ফ্ৰান্স কৌশলগত অংশীদাৰিত্বৰ অধীনত হোৱা অগ্ৰগতি আৰু বিশ্বব্যাপী গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰিব। ফ্ৰান্সৰ ৰাষ্ট্ৰদূত সন্মিলনৰ ৩১ সংখ্যক সংস্কৰণতো সন্মানীয় অতিথি হিচাপে ভাষণ দিব বৈদেশিক মন্ত্ৰীগৰাকীয়ে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লাক্সেমবাৰ্গ ভ্ৰমণো কৰিব, য’ত তেওঁ লাক্সেমবাৰ্গৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী জেভিয়াৰ বেটেল আৰু লাক্সেমবাৰ্গৰ জ্যেষ্ঠ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ’ব। লাক্সেমবাৰ্গত ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতেও তেওঁ মত বিনিময় কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ