

মৰিগাঁও, ০৪ জানুৱাৰী (হি.স.)। নতুন বৰ্ষত পুনৰ ছাইবাৰ অপৰাধীৰ ঘাটিত মোক্ষম আঘাত মৰিগাঁও আৰক্ষীৰ। মৈৰাবাৰীত নিশা অভিযান চলাই তিনিটাকৈ দুধৰ্ষ ছাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ। মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলিছিল অভিযান। ধৃত ছাইবাৰ অপৰাধী কেইজন ক্ৰমে মুক্তাৰ হুছেইন (৩৩), মোস্তাক আহমেদ (৩২), আৰু বাহাৰুল ইছলাম (৪৯)।
দীৰ্ঘ দিনৰ পৰা বিভিন্ন স্থানত আত্মগোপন কৰি আছিল ছাইবাৰ অপৰাধী কেইজন । মৈৰাবাৰী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ১৭৮/২৪ নম্বৰত ৬১(২)/৩১৯(২)/৩১৮(৪)/৩৩৮/৩৩৬(৩)/৩৪০(২)/৩(৫) ভাৰতীয় ন্যায় সংহিতা ২০২৩ ৰ ধাৰা ৬৬(চি)/৬৬(ডি) আইটি আইনৰ অধীনত পঞ্জিয়ন হৈ থকা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ উক্ত দুধৰ্ষ ৩ চাইবাৰ অপৰাধী কেইজন। ধৃত ছাইবাৰ অপৰাধী কেইজনৰ জালত পৰি ইতিমধ্য়ে অগনন লোক সৰ্বস্ৰান্ত হব লগা হৈছে।
হিন্দুস্থান সমাচাৰ / Narayan Kar