
মৰিগাঁও, ০৪ জানুৱাৰী (হি.স.)। বছৰৰ প্ৰথম সপ্তাহটোত মৰিগাঁও আৰক্ষীৰ আন এক বৃহৎ সফলতা। মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহাবিদ্যালয় প্ৰৱঞ্চক প্ৰৱক্তাৰ সম্পত্তি সংলগ্নকৰণ (Attachment) ৰ নিৰ্দেশ আদালতৰ।
প্ৰৱঞ্চক টো নগাঁও হাতিচোং কলেজৰ প্ৰৱক্তা চাইকুল ইছলাম। ২০২৫ বৰ্ষত জাগীৰোডত নিৰ্মীয়মান টাটা চেমিকণ্ডাক্টৰ প্ৰকল্পত নিযুক্তিৰ ভুৱা বিজ্ঞাপন উলিয়াই চাইকুল বাহিনীয়ে নিবনুৱা যুৱক যুৱতীৰ পৰা বহু লক্ষ্য টকা সংগ্ৰহ কৰিছিল।
সমগ্ৰ ঘটনাৰ সন্দৰ্ভত টাটা চেমিকণ্ডাক্টৰ প্ৰকল্পৰ তৰফৰ পৰা তৰা এজাহাৰৰ ভিত্তিত জাগীৰোড আৰক্ষী থানাত ১২৬/২০২৫ নম্বৰত ৰুজু হৈছিল গোছৰ । উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি মাষ্টাৰ মাইণ্ড হাতিচোং কলেজৰ প্ৰৱক্তা চাইকুল ইছলাম সহ একাধিকক কৰিছিল গ্ৰেপ্তাৰ।
তদন্তৰ অন্তত নিবনুৱা যুৱক যুৱতীৰ পৰা চাইকুলে প্ৰায় ২৫ লাখ টকা সংগ্ৰহ কৰাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে।
আৰক্ষীয়ে তদন্ত সমাপ্ত কৰি আদালতত চাৰ্জশ্বীট দাখিল কৰাৰ পিছতেই আদালতে ১০৭ ধাৰাৰ অধীনত হাতিচোং মহাবিদ্যালয়ৰ প্ৰবক্তা জনৰ সম্পত্তি সংলগ্নকৰণ (Attachment) গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে।
উল্লেখ্য যে আদালতত নিৰ্দেশত মৰিগাঁও আৰক্ষীয়ে পূৰ্বেও ছৰিফুল ইছলাম নামৰ চাইবাৰ অপৰাধীৰ সম্পত্তি বাজেয়াপ্ত কৰিছিল।
হিন্দুস্থান সমাচাৰ / Narayan Kar