
দৰং, ০৪ জানুৱাৰী (হি.স.)। মঙলদৈত বহু পৰিমাণৰ চুৰি সামগ্ৰী সহ দুজনক আটক। ৰঙামাটি দীননাথ চহৰীয়া হাইস্কুলত কেইদিনমান পূৰ্বে কম্পিউটাৰ, প্ৰিন্টাৰ সহ বহু ইলেক্ট্ৰনিক সামগ্ৰী চোৰ হৈছিল। মঙলদৈ সদৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি উক্ত কম্পিউটাৰৰ চুৰি সামগ্ৰী সহ ৰঙামাটিৰ ৰাহুল হুছেইন আৰু একে গাঁৱৰে আক্ৰাম হুছেইনক আটক কৰিবলৈ সক্ষম হয়।
সম্প্ৰতি দুয়োকে মঙলদৈ থানাত সোধাপোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে।দিৰ্ঘদিনৰ পৰা অঞ্চলটোত চোৰে বিভিন্ন চৰকাৰী অনুষ্ঠান হওক,ব্যাক্তিগত প্ৰতিষ্ঠানৰ পৰা সময়ে সময়ে মুল্যবান সামগ্ৰী লুত কৰি আহিছে।চোৰে সামগ্ৰী সমূহ চোৰ কৰি চোৰাং বজাৰত বিক্ৰী কৰা বুলি আৰক্ষীৰ সুত্ৰে প্ৰকাশ। অঞ্চলটোত চোৰৰ উপদ্ৰৱ হ্ৰাস কৰিবলৈ স্থানীয় ৰাইজে আৰক্ষীৰ চোকা পহৰাৰ দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা