লামডিং ৰেল জংচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ আৰক্ষীৰ।
হোজাই, ০৪ জানুৱাৰী (হি.স.)। লামডিং ৰেল জংচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ আৰক্ষীৰ। আটক এজন। ৰেলযোগে অব্যাহত আছে নিচা জাতিও সামগ্ৰীৰ সৰবৰাহ। নামনিমুৱা আগৰতলা দেওঘৰ ট্ৰেইন খনৰ সাধাৰণ ডবাৰ পৰা গাঞ্জা সহ এজনক আটক কৰিবলৈ সক্ষম হয়। লামডিং ৰেল আৰক্ষী লাভ কৰা
লামডিং ৰেল জংচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ আৰক্ষীৰ।


হোজাই, ০৪ জানুৱাৰী (হি.স.)। লামডিং ৰেল জংচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ আৰক্ষীৰ। আটক এজন। ৰেলযোগে অব্যাহত আছে নিচা জাতিও সামগ্ৰীৰ সৰবৰাহ। নামনিমুৱা আগৰতলা দেওঘৰ ট্ৰেইন খনৰ সাধাৰণ ডবাৰ পৰা গাঞ্জা সহ এজনক আটক কৰিবলৈ সক্ষম হয়। লামডিং ৰেল আৰক্ষী লাভ কৰা গোপন সূত্ৰৰ পম খেদি আজি পুৱাৰ ভাগত ডবাটোৰ ভিতৰত তালাচি চলাই গাঞ্জা খিনি জব্দ কৰিব সক্ষম হয়।

ধৃত লোক জনৰ জিম্মাৰ পৰা আনুমানিক ৮ কিলো গাঞ্জা জব্দ কৰিব সক্ষম হই আৰক্ষী। ধৃত লোক জনৰ নাম পাৰ্থ দেৱ আৰু তেও আগৰতলা বাসিন্দা বুলি জানিব পৰা গৈছে। ধৃত লোক জনক বৰ্তমান ৰেল আৰক্ষী সোধাপোছা কৰি কাৰাগাৰালৈ প্ৰেৰণ কৰে। ইয়াৰ পুৰ্বেও লামডিং ৰেল জংচনত চোৰাং ভাবে সৰবৰাহ কৰিব খোজা বৃহত পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande