
কামৰূপ, ০৪ জানুৱাৰী (হি.স.)। হাজোৰ বিদ্য়ালয়ত চুৰি, চোৰে লৈ গ'ল লক্ষাধিক টকাৰ সা-সামগ্ৰী। হাজোৰ বৰম্বৈ স্থিত অ'ৰিয়েণ্টেল পাব্লিক স্কুলত চুৰি কাণ্ডৰ ঘটনাটো সংঘটিত হৈছে। হাজোৰ বৰম্বৈ অ'ৰিয়েণ্টেল পাব্লিক স্কুলত সংঘটিত হৈছে চুৰি কাণ্ডৰ ঘটনা। হাজোৰ বৰম্বৈ স্থিত একমাত্ৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান অ'ৰিয়েণ্টেল পাব্লিক স্কুলত চোৰে চলালে লুটপাত। নিশাৰ ভাগত চোৰৰ দলে সংঘটিত কৰিছে চুৰিকাণ্ডৰ ঘটনা।
নিশা কাৰ্য্যালয়ৰ দুৱাৰৰ তলা ভাঙি চোৰে লৈ গ'ল পানীৰ পাম্প, ইনভাৰ্টাৰ, প্ৰজেক্টৰ, চিচি টিভিৰ লগতে লাউডস্পীকাৰ। কেৱল এয়াই নহয়, বিদ্যালয়ৰ কাৰ্য্যালয়ত থকা কেইবাবিধো মূল্যবান সা-সামগ্ৰী লণ্ড ভণ্ড কৰে চোৰৰ দলে। ঘটনা সন্দৰ্ভত বিদ্যালয় কতৃপক্ষই হাজো আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।
দিৰ্ঘদিনৰ পৰা অঞ্চলটোত চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱাত স্থানীয় ৰাইজে হাজো আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ পিছতো আৰক্ষী কোনো ফলপ্ৰসু ব্য়ৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা