অসম গ্ৰন্থমেলাত দিনমণি ভাণ্ডাৰ কায়স্থ বঁ‌টা প্ৰদান
গুৱাহাটী, ০৪জানুৱাৰী (হি.স.)। অসম গ্ৰন্থমেলাত সদৌ অসম কবি মঞ্চৰ সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থ বঁ‌টা প্ৰদান অনুষ্ঠান। শ্ৰেষ্ঠ কাব্যগ্ৰন্থ বাঃ বাঃ বঢ়িয়াৰ বাবে হিমাংগ দাসলৈ সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থ বঁ‌টা প্ৰদান। অসম গ্ৰন্থমেলাৰ বাকৰিত অসমৰ স
অসম গ্ৰন্থমেলাত দিনমণি ভাণ্ডাৰ কায়স্থ বঁ‌টা প্ৰদান


গুৱাহাটী, ০৪জানুৱাৰী (হি.স.)। অসম গ্ৰন্থমেলাত সদৌ অসম কবি মঞ্চৰ সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থ বঁ‌টা প্ৰদান অনুষ্ঠান। শ্ৰেষ্ঠ কাব্যগ্ৰন্থ বাঃ বাঃ বঢ়িয়াৰ বাবে হিমাংগ দাসলৈ সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থ বঁ‌টা প্ৰদান।

অসম গ্ৰন্থমেলাৰ বাকৰিত অসমৰ সাহিত্য চৰ্চাৰ অগ্ৰণী অনুষ্ঠান সদৌ অসম কবি মঞ্চৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানৰ আৰম্ভণিত অসমৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰা হয়। সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক জিতু কাঞ্চনে আত ধৰা অনুষ্ঠানটোৰ আদৰণি ভাষণ ৰাখে সভাপতি জাভেদ জামানে। অনুষ্ঠানত সদৌ অসম কবি মঞ্চই আয়োজন কৰা ৰাজ্যিক ভিত্তিত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ বঁ‌টাসমুহ প্ৰদান কৰা হয়। অনুষ্ঠানত ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ কাব্যগ্ৰন্থ হিচাপে বিবেচিত কবি হিমাংগ দাসৰ কাব্যগ্ৰন্থ বাঃ বাঃ বাঢ়িয়া লৈ সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থ বঁ‌টা ২০২৫ প্ৰদান কৰা হয়।

উল্লেখ্য যে কাব্যগ্ৰন্থ বাঃ বাঃ বঢ়িয়াৰ বাবে ২০২৫ বৰ্ষৰ সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থ বঁ‌টা লাভ কৰা কবি হিমাংগ দাসলৈ নগদ ২৫০০০ টকা, স্মাৰক, মানপত্ৰ প্ৰদান কৰে সদৌ অসম কবি মঞ্চই। আনহাতে দ্বিতীয় স্থানত থকা কবি গায়ত্ৰী দেৱী বৰঠাকুৰৰ কাব্যগ্ৰন্থ ফেথ'মিটাৰ , তৃতীয় স্থানত থকা কবি জুৰি ৰাজখোৱা গগৈৰ কাব্যগ্ৰন্থ পৰুৱাই পোৱা কথাবোৰ আৰু চতুৰ্থ স্থানত থকা কবি যোগেশ দাসৰ কাব্যগ্ৰন্থ পানীপিয়া পখীৰ বাসনা লৈ সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থ বিশেষ বঁ‌টা ২০২৫ আগবঢ়োৱা হ'য়।

ৰজত চন্দ্ৰ ভৰালীৰ জীৱনৰ গান, জলি গোস্বামী সভা পণ্ডিতৰ অবুজ বেদনা, জ্যোতি ঘৰফলীয়াৰ কবিতাৰ কৰণিত জোনাক, অমৰজ্যোতি ঘোষৰ শিলেও কথা কয়, বুলবুল শৰ্মাৰ ওপজা মাটিৰ গোন্ধ, লতাশ্ৰী দত্তৰ নৈ পৰীয়া কথকতা, গীতা পগাগ দলেৰ অনুভৱৰ পৃথিৱী, ৰামেশ্বৰ ৰাজবংশীৰ গছ থাকিলেহে মানুহ থাকিব আৰু অৰূপ কাকতিৰ উচুপনিলৈ বিচাৰকৰ বিশেষ বঁ‌টা প্ৰদান কৰা হয়। ড° বসন্তু কুমাৰ ভট্টাচাৰ্য্য সোঁ‌ৱৰণী সভাগৃহত আবেলি ৩ বজাৰ পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত ড° পাৰ্থসাৰথি মহন্ত, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা, এমন্ত্ৰণৰ উপ-প্ৰবন্ধক দিনমণি ভাণ্ডাৰ কায়স্থ, অসম ৰাজ্যিক বিদ্যালয় পৰিষদৰ যুটীয়া সচিব অনুৰূপা চৌধুৰী, দিশপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী, কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° হীৰেণ ডেকা।

অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক তথা সাংবাদিক ড° কুমুদ দাস। গীত আৰু কবিতাৰে জীপাল শীতৰ সেমেকা আবেলিত কবিতাৰ উমাল পৰশ শীৰ্ষক কবিতা পাঠ অনুষ্ঠানটোত অসমৰ কেইবাগৰাকী বিশিষ্ট কবিয়ে স্বৰচিত কবিতা পাঠ কৰে। অনুষ্ঠানত মঞ্চৰ কাৰ্যকৰী সভাপতি হীৰামণি লাহন, সৰোজিনী বসুমতাৰী, সহ সম্পাদক ফাৰুক আলী আহমেদ, ৰেখামণি কোঁ‌ৱৰ, প্ৰিয়াশ্ৰী নেওগ, ৰঞ্জনা পাঠক প্ৰমুখ্যে মঞ্চৰ কেইবা গৰাকী কেন্দ্ৰীয় নেতৃবৰ্গ উপস্থিত থাকে। অসমৰ ভিন্ন প্ৰান্তৰৰ পৰা প্ৰায় ডেৰ শতাধিক কবি উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰি তোলা বাবে সকলোকে ধন্যবাদ জনাইছে মঞ্চৰ প্ৰধান সম্পাদক জিতু কাঞ্চনে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande