বাসুগাঁৱত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ জিলা শাখা সমিতিৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন
চিৰাং, ০৪ জানুৱাৰী (হি.স.)। চিৰাং জিলাৰ বাসুগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কোকৰাঝাৰ-চিৰাং জিলা শাখা সমিতিৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন । চিৰাং জিলাৰ বাসুগাঁও চহৰৰ মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত কালিৰ পৰা আৰম্ভ হোৱা দুদিনীয়া কাৰ্য্যসূ
বাসুগাঁৱত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ জিলা শাখা সমিতিৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন


চিৰাং, ০৪ জানুৱাৰী (হি.স.)। চিৰাং জিলাৰ বাসুগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কোকৰাঝাৰ-চিৰাং জিলা শাখা সমিতিৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন । চিৰাং জিলাৰ বাসুগাঁও চহৰৰ মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত কালিৰ পৰা আৰম্ভ হোৱা দুদিনীয়া কাৰ্য্যসূচীৰ আজি অন্তিম দিন।

আজিৰ অন্তিমটো দিনত পুৱাৰে পৰা ভকত বৈষ্ণৱ সকলৰ উপস্থিতিত হৰিনাম কীৰ্ত্তনেৰে মুখৰিত হৈ পৰে মণিকাঞ্চন সমন্বয় ক্ষেত্ৰ ।

পুৱা পতাকা উত্তোলন কৰাৰ পিছতেই উলিওৱা হয় ধৰ্মীয় ভাগৱত যাত্ৰা । ভাগৱত যাত্ৰাৰ লগতে উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা ৷ সাংস্কৃতিক শোভাযাত্ৰাত স্থানীয় বিভিন্ন জাতি জনগোষ্ঠীৰ লোক সকলে অংশগ্ৰহণ কৰে । শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কাৰ্য্যসুচী উপলক্ষে জিলা দুখনৰ অগনন ভক্তই দুদিনৰ কাৰ্য্য়সুচীতে অংশগ্ৰহন কৰে। দুয়োদিনৰ কাৰ্য্য়সুচী অতি সুশৃংখলিত ভাবে সম্পন্ন হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande