ডিমৰীয়া বিধানসভা সমষ্টিৰ ২৪,৭৬৭ গৰাকী উদ্যমী মহিলালৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
–এইখন চৰকাৰে যি কৈছে তাক আখৰে আখৰে কার্যত ৰূপায়িত কৰিছেঃ মুখ্যমন্ত্রী গুৱাহাটী, ০৪ জানুৱাৰী (হি.স.)। ৰাজ্যৰ নাৰী সমাজৰ আর্থিক সবলীকৰণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অভিলাষী আঁচনি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত মুখ্যমন্ত্রী ড° হিমন্ত
ডিমৰীয়া বিধানসভা সমষ্টিৰ ২৪,৭৬৭ গৰাকী উদ্যমী মহিলালৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ


–এইখন চৰকাৰে যি কৈছে তাক আখৰে আখৰে কার্যত ৰূপায়িত কৰিছেঃ মুখ্যমন্ত্রী

গুৱাহাটী, ০৪ জানুৱাৰী (হি.স.)। ৰাজ্যৰ নাৰী সমাজৰ আর্থিক সবলীকৰণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অভিলাষী আঁচনি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই আজি কামৰূপ (মহানগৰ) জিলাৰ ডিমৰীয়া বিধানসভা সমষ্টিৰ ২৪,৭৬৭ গৰাকী উদ্যমী মহিলালৈ ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভকৰে। ইয়াৰে ২০,৫৮৯ গৰাকী হিতাধিকাৰী গ্রামাঞ্চলৰ আৰু ৪,১৭৮ গৰাকী হিতাধিকাৰী নগৰাঞ্চলৰ। ইয়াকে ধৰি আঁচনিখনৰ জৰিয়তে এতিয়ালৈ ৰাজ্যৰ ৬৫ টা বিধানসভা সমষ্টিৰ ১৪,৯৮,৮৮১ গৰাকী মহিলাৰ মাজত উদ্যমিতা পুঁজি বিতৰণ কৰা হয়।

এই উপলক্ষে পানীখাইতি ৰাজহুৱা ক্ষেত্ৰত আয়োজিত এক বিশাল জনসভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে সমষ্টি পুনৰনিৰ্ধাৰণৰ পাছত পূৰ্বৰ দিছপুৰ সমষ্টিক দ্বি-বিভক্তকৰি নতুনকৈ গঠিত ডিমৰীয়া সমষ্টিত আজি মহিলা উদ্যমিতাৰ চেক বিতৰণৰ বাবে এই সভাৰ আয়োজন কৰা হৈছে। তেওঁ কয় যে এই সভাৰ জৰিয়তে কামৰূপ মহানগৰ জিলাত মহিলা উদ্যমিতাৰ চেক বিতৰণ প্রায় সম্পূর্ণ হৈছে।মুখ্যমন্ত্রীয়ে কয় যে মহিলাসকলৰ সন্মান বৃদ্ধিৰ লগতে তেওঁলোকক আত্মনির্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা এই অভিলাষী আঁচনিৰ অধীনত ৰাজ্যৰ বত্ৰিছ লাখ মহিলাই দহ হাজাৰ টকাকৈ সর্বমুঠ ৩,২০০ কোটি টকা লাভকৰিব। ৰাজ্যৰ মহিলাসকলৰউন্নয়নৰ বাবে পূর্বে কোনো চৰকাৰেইমান বৃহৎ অংকৰ পুঁজি বিনিয়োগ কৰা নাছিল বুলিমন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে আজি মহিলাসকলে দহ হাজাৰ টকা লাভ কৰাৰ পাছত অহা ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে অৰুণোদয়ৰ হিতাধিকাৰী মহিলাসকলে পুনৰ আঠ হাজাৰ টকাকৈ লাভ কৰিব।

মহিলা উদ্যমিতা অভিযানৰ ৩,২০০ কোটি আৰু ফেব্ৰুৱাৰী মাহৰ অৰুণোদয়ৰ ৩,২০০ কোটিকে ধৰি এই সময়ছোৱাত ৰাজ্য চৰকাৰে মহিলাসকলৰ কল্যাণৰ বাবে প্রায় ৬,৪০০ কোটি টকা ব্যয় কৰিব।

মুখ্যমন্ত্রীয়ে কয় যে পূৰ্বৰ চৰকাৰৰ লুঙি-ধুতি-সূতা-কম্বলৰৰাজনীতিৰ পৰা বৰ্তমানৰ ৰাজ্য চৰকাৰে ৰাজ্যখনক অৰুণোদয়, মহিলা উদ্যমিতা আদি জনকল্যাণমূলক আঁচনিৰ দিশলৈ লৈ গ'ল। পূৰ্বৰ চৰকাৰৰ সম্ভীয়া প্রলোভনভিত্তিক আঁচনিৰ পৰা বৰ্তমানৰৰাজ্য চৰকাৰে যুৱক-যুৱতীক মেধা-ভিত্তিত নিযুক্তি প্রদান, নিযুত মইনা আদিৰ দৰেআঁচনিৰ দিশলৈ লৈ গ'ল। আজি বিতৰণ কৰা এই দহ হাজাৰ টকাৰ পুঁজি মহিলা উদ্যমিতা অভিযানৰ মাথোঁপ্রথম কিস্তিৰ বনহে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়েকয় যে যিসকল মহিলাই এই ধনৰ সদ্ব্যৱহাৰ কৰিব, তেওঁলোকক ভবিষ্যতে লাখপতি বাইদেউ হিচাপে গঢ় দিয়াৰ বাবে চৰকাৰে সহায় কৰি যাব।

ডিমৰীয়া সমষ্টিৰ চৌব্বিছ হাজাৰোধিক মহিলাৰ প্রতিগৰাকীকে লাখপতি বাইদেউ হিচাপে গঢ় দিয়াই চৰকাৰৰ লক্ষ্য বুলিও তেওঁ কয়। মহিলা উদ্যমিতা অভিযানৰ ৩২ লাখ হিতাধিকাৰীৰে ৮ লক্ষাধিক মহিলা ইতিমধ্যে লাখপতি বাইদেউ হিচাপে পৰিগণিত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে ডিমৰীয়া সমষ্টিৰ দুগৰাকী লাখপতি বাইদেউৰ উদাহৰণো দাঙি ধৰে। তেওঁ কয় যে চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ ঠাকুৰকুছি গাঁৱৰ জোনবাই আত্মসহায়ক গোটৰ সদস্যা লোণা ফাংচ'ই কৃষিজাত সামগ্রী উপাদন আৰু বিপণনেৰে উদ্যমিতাৰ পথেৰে আগুৱাই স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। সম্প্রতি তেওঁ মাহেপ্রায় ১৫-২০ হাজাৰ টকাকৈ বাৰ্ষিক প্রায় ১.৮০ লাখ টকা উপার্জন কৰিবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্রীয়ে কয়। তেওঁ লগতে কয় যে ডিমৰীয়া উন্নয়ন খণ্ডৰ মালয়বাৰী গাঁৱৰ ময়ুৰী আত্মসহায়ক গোটৰসদস্যা তাপসী পালে মৃৎ শিল্পৰ প্রতিষ্ঠানেৰে উদ্যমিতাৰ বাটত খোজদি নিজৰ উপাৰ্জনেৰে পৰিয়ালক আর্থিক দিশতসহায় কৰিবলৈ সক্ষম হৈছে। তাপসী পালে এতিয়া মাহেপ্রায় ১৫ হেজাৰ টকাকৈ বার্ষিক প্রায় ১.৮০ লাখ টকা উপার্জন কৰিবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। এয়ামাথোঁ সামান্য উদাহৰণ হে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ডিমৰীয়া সমষ্টিতে এনে উদাহৰণ দেধাৰ আছে। এই সফল উদ্যমী সকলৰ উদাহৰণেৰে অনুপ্রাণিত হৈ উদ্যমিতাৰ ক্ষেত্ৰখনত হাতে-কামে নামি পৰিবলৈ তেওঁ সমষ্টিটোৰ মহিলাসকলৰ প্রতি আহ্বান জনায়।

মহিলাসকলৰ ইচ্ছা, উদ্যম আৰু মনোবল থাকিলে আৰু চৰকাৰেও উপযুক্ত সহায় আগবঢ়ালে প্রতিগৰাকী মহিলাই বছৰি এক লাখতকৈ অধিক টকা উপাৰ্জন কৰি লাখপতি বাইদেউ হ'ব নোৱৰাৰ কোনো মানে নাই বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। মুখ্যমন্ত্রীয়ে কয় যে ঘৰ এখন ভালকৈ চলিবলৈ, সন্তানৰ উপযুক্ত শিক্ষা-দীক্ষাৰবাবে পুৰুষৰ সমানেই ঘৰৰ গৃহিণী গৰাকীৰো উপাৰ্জনৰ হাবিয়াস থাকিব লাগিব। প্রতিমাহৰ দহ তাৰিখে মহিলাসকলৰ একাউন্টত সোমোৱা অৰুণোদয় আঁচনিৰ ১২৫০ টকাই এতিয়া তেওঁলোকক সেই সাহস আৰু সুযোগ প্রদান কৰিছে বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। অৰুণোদয় আঁচনিৰ এই ১২৫০ টকা এতিয়া ৰাজ্যৰ প্ৰায়বোৰ পৰিয়ালৰে মাহিলী বাজেটত অন্তর্ভুক্ত হৈছে বুলিও মুখ্যমন্ত্রীয়ে কয়।

চৰকাৰে মাথো দহ হাজাৰ টকা প্রদান কৰিয়েই নিজৰ দায়িত্ব সামৰিব খোজা নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে চৰকাৰে তিনিটা কিস্তিত দহ হাজাৰ, পঁচিছ হাজাৰ আৰু পঞ্চাছ হাজাৰ টকাকৈ সৰ্বমুঠ পঁচাশী হাজাৰ টকা প্রতিগৰাকী উদ্যমী মহিলাক দিব বিচাৰিছে; কিন্তু তাৰ বাবে মহিলাসকলে তেওঁলোকৰ পূৰ্বৰ কিস্তিৰ ধনসমূহৰ উপযুক্ত ব্যৱহাৰ কৰিব লাগিব। মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যৰ মহিলাসকলৰ আত্মনির্ভৰশীলতাৰ দিশত আগবাঢ়ি যোৱাৰ বাবে আগ্রহ আছে, কিন্তু পূৰ্বৰ চৰকাৰসমূহৰ দিনত তেওঁলোকে তাৰ বাবে উপযুক্ত পৰিৱেশ আৰু সুযোগ লাভ কৰানাছিল। বৰ্তমানৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ ৩২ লাখ মহিলাক আত্মনির্ভৰশীলতাৰ বাবে এক পথ প্রদৰ্শন কৰিবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে।

মহিলা উদ্যমিতা আঁচনিখনৰ পুঁজিৰ ব্যবহাৰৰ পদ্ধতিৰ বিষয়ে মহিলা সকলক অৱগত কৰি মুখ্যমন্ত্রীয়ে কয় যে উদ্যমিতা পুঁজি হিচাপে লাভ কৰা ১০ হাজাৰ টকাৰ এই প্ৰথম কিস্তিৰ ধন যদি মহিলা সকলে নিজৰ আত্মসহায়ক গোটত জমা কৰে তেনেহ'লে ১ লাখ টকাৰ এটা পুঁজি গঠন হ'ব। এই পুঁজিৰে তেওঁলোকে সমুহীয়াভাৱে কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে বা নিজাববীয়াকৈও কোনো ব্যৱসায়ত বিনিয়োগ কৰিব পাৰে,নাইবা পৰিয়ালৰ পূৰ্বতে থকা ব্যৱসায়ৰ সম্প্রসাৰণৰ কামতো এই পুঁজিব্যৱহাৰ কৰিব পাৰিব। ছমাহমানৰ পাছত চৰকাৰে এই পুঁজিৰ ব্যৱহাৰৰ মূল্যায়ণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে মহিলাসকলে প্রাৰম্ভিক পুঁজিহিচাপে লাভ কৰা এই ১০ হাজাৰ টকা সদ্ব্যৱহাৰ কৰিলে পৰৱৰ্তী পর্যায়ত ক্রমে ২৫ হাজাৰ টকা আৰু ৫০ হাজাৰ টকা লাভ কৰিব।উদ্যমী মহিলাসকলে এই পুঁজিৰ উপৰি বেংকৰ পৰাও ঋণ গ্রহণ কৰিব পাৰিববুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে।

বৰ্তমানৰ ৰাজ্য চৰকাৰে বিভিন্ন জনকল্যাণমূলক আঁচনিৰে সৰ্বসাধাৰণ ৰাইজৰ দৈনন্দিন জীৱন যাত্রা সহজ কৰি তোলাৰবাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে অৰুণোদয়, বিনামূলীয়া চাউল,ৰন্ধন গেছৰ ৰাজসাহায্য, বিনামূলীয়া নামভর্তি, নিযুত মইনা আদি আঁচনিৰ কথা উল্লেখ কৰে। এই মাহৰ পৰা ৰেচন কার্ড থকা হিতাধিকাৰী সকলে দাইল, চেনি,আৰু নিমখ এইতিনিও বিধ সামগ্রী মাথো এশটকাতে লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে নিযুত মইনা আঁচনিৰ আৰ্হিত ছাত্ৰসকলৰ উচ্চশিক্ষাৰ খৰচৰ বাবেও চৰকাৰে এই মাহৰ পৰা এখন নতুন আঁচনি আৰম্ভ কৰিব।

ডিমৰীয়া সমষ্টিত ৰূপায়িত বিভিন্ন বিকাশমূলক পদক্ষেপৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে অৰুণোদয় আঁচনিৰ জৰিয়তে সমষ্টিটোত সর্বমুঠ ৩৯,৩৫০ গৰাকী হিতাধিকাৰী উপকৃত হৈছে। বাদ পৰি যোৱা যোগ্য হিতাধিকাৰীক সামৰি লোৱাৰবাবে সমষ্টিটোৰ অতিৰিক্ত ১০০০ গৰাকী হিতাধিকাৰীলৈ অৰুণোদয় প্রদান কৰা হ'ব বুলি তেওঁ ঘোষণা কৰে। তেওঁ কয় যে মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিৰ জৰিয়তে সমষ্টিটোৰ ১৪৪৮ গৰাকী ছাত্রী উপকৃত হৈছে। নিজৰ ভাষণত তেওঁ আয়ুষ্মান ভাৰত জন আৰোগ্য যোজনা, প্রধানমন্ত্রী কিষাণ সম্মান নিধি আদি কল্যাণমূলক পদক্ষেপৰ কথাও উল্লেখ কৰে।

বৰ্তমানৰ চৰকাৰে অসমক এক নতুন পৰ্যায়লৈ লৈ গৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে এইখন চৰকাৰে এটাও মিছা প্রতিশ্রুতি দিয়ানাই; যিকৈছে, তাক আখৰে আখৰে কার্যত ৰূপায়িত কৰিছে। আজিৰ এই সভাত সাংসদ বিজুলী কলিতা মেধি,বিধায়ক অতুল বৰা, গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়া, কামৰূপ মহানগৰ জিলা পৰিষদৰ সভানেত্রী মিতালী কলিতা, অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ উপাধ্যক্ষ তপন দাস, এএফডিচিএলৰ উপাধ্যক্ষ নৱাৰুণ মেধি, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শর্মা বৰদলৈ, জিলা আয়ুক্তসুমিত সত্তাৱন, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তচিন্ময় প্ৰকাশ ফুকন প্ৰমুখ্যে উচ্চপদস্থ বিষয়াবৰ্গ আৰু গণ্য মান্য ব্যক্তিসকল আৰু আত্মসহায়ক গোটৰ হিতাধিকাৰী মহিলাসকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande