
গুৱাহাটী, ০৪ জানুৱাৰী (হি.স.)। আজি অসম গ্ৰন্থমেলাত অগ্ৰণী প্ৰকাশন গোষ্ঠী অবাক প্ৰকাশনে প্ৰকাশ কৰা লেখক খৰ্গেশ্বৰ কলিতাৰ বোবাদ্বীপ নামৰ গ্ৰন্থখন উন্মোচন কৰা হয় । গ্ৰন্থখন উন্মোচন কৰে কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰকাশ ডেকা , শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ ফিজিঅ'লজি বিভাগৰ মুৰব্বী অধ্যাপিকা ডা: জ্যেতিস্মিতা ডেকা , হেল্থ চিটি হস্পিটালৰ নেফ্ৰোলজিষ্ট ডা: পল্লবী বৰদলৈ , কালাৰপ্লাছৰ ভাস্কৰ বৰ্মন , পল্লবিকা শৰ্মাই আৰু জয়ন্ত কলিতাই।
লেখক খৰ্গেশ্বৰ কলিতাই উন্মোচনৰ পূৰ্বে উন্মোচক সকলক ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় । গুৱাহাটী মহানগৰৰ খানাপাৰা স্থিত পশু চিকিতসা মহাবিদ্যালয় খেল পথাৰত অনুস্থিত অসম গ্ৰন্থমেলাত বিগত কিছুদিনৰ পৰা গ্ৰন্থৰ বিক্ৰী বৃদ্ধি পাইছে বুলি আয়োজক সমিতিৰ সুত্ৰত প্ৰকাশ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা