শংকৰ-মাধৱৰ স্থানত আজান ফকীৰক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা নকৰিব, গৌৰৱ গগৈক সকিয়নী ৰাজ্যিক বিজেপিৰ
গুৱাহাটী, ০৪ জানুৱাৰী (হি.স.)। কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে নিৰবিচ্ছিন্নভাবে শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ সমকক্ষ স্থানত বাগদাদৰ পৰা অহা আজান ফকীৰক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা কাৰ্যক তীব্র গৰিহণা দিছে ৰাজ্যিক বিজেপিয়ে আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বৈষ্ণৱ
বিজেপিৰ দলীয় পতাকা


গুৱাহাটী, ০৪ জানুৱাৰী (হি.স.)। কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে নিৰবিচ্ছিন্নভাবে শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ সমকক্ষ স্থানত বাগদাদৰ পৰা অহা আজান ফকীৰক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা কাৰ্যক তীব্র গৰিহণা দিছে ৰাজ্যিক বিজেপিয়ে আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বৈষ্ণৱপন্থৰ প্ৰতিষ্ঠাৰ জৰিয়তে অসমীয়া সমাজক শক্তিশালী ৰূপত গঢ় দিওঁতা শংকৰ-মাধৱৰ অনবদ্য অবদানক ম্লান কৰিবলৈ কৰা ষড়যন্ত্ৰৰ পৰা বিৰত থাকিবলৈ কংগ্রেছী নেতাজনক সকিয়াই দিয়ে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভরনত অনুষ্ঠিত এক প্ৰেছ বাৰ্তাত ৰাজ্যি বিজেপিৰ মুখপাত্র জয়ন্ত কুমাৰ গোস্বামীয়ে কয় যে, ফাইজান খ্যাত কংগ্রেছ সভাপতি গৰাকীয়ে অসমৰ সভ্যতা সংস্কৃতি বিনষ্ট কৰিব বিচাৰিছে।

কংগ্ৰেছ আৰু বামপন্থী ইক'চিষ্টেমে জোৰ কৰি অসমীয়া সমাজত গুৰুজনাৰ লগত আজান ফকীৰক একাকাৰ কৰি অসমৰ ঐতিহ্যত গুৰুজনাৰ অৱদানক নস্যাৎ কৰাৰ লগতে তেখেতৰ ভাৱমূর্তিও ম্লান কৰিব বিচাৰিছে। গতিকে গৌৰৱ গগৈ বৈষ্ণৱ বিৰোধী, অসমীয়া সংস্কৃতিৰ বিৰোধী। এইখন শংকৰ-মাধৱৰ, চুকাফা-নৰনাৰায়ণ, জ্যোতি-বিষ্ণু, বীৰ ৰাঘৱ মৰাণ-জোঙাল বলহু, লাচিত-চিলাৰায়, ভীমবৰ দেউৰী-উপেন্দ্রনাথ ব্রহ্মা, চেমচং ইংতি-টাবুৰাম টাইড, সতী সাধিনী-কনকলতা, চবিলাল উপাধ্যায়-সমীৰ তাঁতী, প্রহ্লাদ তাছাৰ অসম। এই সকল পুৰুধা ব্যক্তিৰ অৱদানক নস্যাৎ কৰি কেৱল মিঞা তুষ্টিকৰণৰ বাবে গৌৰৱ গগৈয়ে বাগদাতৰ পৰা অহা এগৰাকী ইছলাম ধৰ্ম প্ৰচাৰকৰ পক্ষ লৈছে বুলি বিবৃতিটোত মন্তব্য কৰে। উল্লেখ্য যে, বদৰুদ্দিন আজমলৰ ঠাই ল'বলৈ গৌৰৱ গগৈয়ে শংকৰ-মাধৱকো অপমান কৰিবলৈ কুণ্ঠাবোধ কৰা নাই।

মুখপাত্র গৰাকীয়ে লগতে কয় যে, প্রকৃততে কংগ্রেছে অসমক ইছলামিক ৰাজ্য হোৱাতো বিচাৰে। ভোট বেংকৰ স্বাৰ্থত অসমলৈ বিদেশী অনা মিঞা অধ্যুষিত কংগ্রেছে ২২ খন বিধানসভাৰ আসন সুৰক্ষিত কৰিবলৈ ইমৰাণ মাছুদৰ দৰে সাম্প্রাদায়িক ব্যক্তিক অসমৰ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ দায়িত্ব অর্পন কৰিছে। যি জনে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক পিছ পিছকৈ কাটিম বুলি মুকলিকৈ ঘোষণা কৰিছিল। এইজন মাছুদক অসমলৈ আনি কংগ্রেছে ৰাজ্যখনত ধর্মীয় মেৰুকৰণ কৰিব বিচৰাৰ লগতে অসমৰ খিলঞ্জীয়াৰ ৰাইজৰ ওপৰত আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ কৰিছে। গতিকে অসমৰ জনসাধাৰণক সজাগ-সচেতন হৈ থাকিবলৈ ৰাজ্যিক বিজেপিয়ে আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande