ভোটাৰসকলৰ অভিযোগ নিষ্পত্তিৰ বাবে কামৰূপ মহানগৰ জিলাত ১০, ১১ জানুৱাৰীত অনুষ্ঠিত হ’ব গাঁও সভা আৰু ৱাৰ্ড সভা
গুৱাহাটী, ০৪ জানুৱাৰী (হি.স.)। ভোটাৰসকলৰ অভিযোগ নিষ্পত্তি আৰু সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে কামৰূপ মহানগৰ জিলাৰ বিভিন্ন স্থানত ১০ আৰু ১১ জানুৱাৰী, ২০২৬ তাৰিখে গাঁও সভা আৰু ৱাৰ্ড সভা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে, য’ত ভোটাৰসকলে নিজৰ সমস্যাসমূহ উত্থা
ভোটাৰসকলৰ অভিযোগ নিষ্পত্তিৰ বাবে কামৰূপ মহানগৰ জিলাত ১০, ১১ জানুৱাৰীত অনুষ্ঠিত হ’ব গাঁও সভা আৰু ৱাৰ্ড সভা


গুৱাহাটী, ০৪ জানুৱাৰী (হি.স.)। ভোটাৰসকলৰ অভিযোগ নিষ্পত্তি আৰু সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে কামৰূপ মহানগৰ জিলাৰ বিভিন্ন স্থানত ১০ আৰু ১১ জানুৱাৰী, ২০২৬ তাৰিখে গাঁও সভা আৰু ৱাৰ্ড সভা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে, য’ত ভোটাৰসকলে নিজৰ সমস্যাসমূহ উত্থাপন কৰিব পাৰে। জিলা নিৰ্বাচনী বিষয়াই এক স্বচ্ছ, শুদ্ধ আৰু ত্ৰুটিমুক্ত ভোটাৰ তালিকা নিশ্চিত কৰাৰ প্ৰতি নিজৰ অঙ্গীকাৰ পুনৰ ব্যক্ত কৰিছে আৰু সকলো ভোটাৰক ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

৩৫-নিউ গুৱাহাটী বিধানসভা সমষ্টি সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰিৰ স্পষ্টীকৰণ প্ৰদান কৰে আজি কামৰূপ মহানগৰ জিলাৰ জিলা নিৰ্বাচনী বিষয়াই। এক বিবৃতিত জিলা নিৰ্বাচনী বিষয়াই জনায় যে একাংশ সংবাদ-মাধ্যমত ৩৫ -নিউ গুৱাহাটী বিধানসভা সমষ্টি সন্দৰ্ভত প্ৰকাশিত বাতৰি কামৰূপ মহানগৰ জিলা নিৰ্বাচনী বিষয়াৰ দৃষ্টিগোচৰ হৈছে ।

এই প্ৰসংগত জিলা নিৰ্বাচনী বিষয়াই কয় যে ৩৫–নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোট গ্ৰহণ নং–১, ৰবীন্দ্ৰ ভৱন (সোঁ-শাখা)-ৰ খচৰা ভোটাৰ তালিকাত কিছুমান বিসংগতিৰ কথা প্ৰকাশ পাইছে। এই সন্দৰ্ভত স্পষ্ট কৰি জনোৱা হৈছে যে উক্ত ভোট গ্ৰহণ কেন্দ্ৰত দুটা পৰিয়ালৰ সৈতে জড়িত বিসংগতি ইতিমধ্যে প্ৰি ৰিভিজন কাৰ্যসূচীৰ অংশ হিচাপে সম্পন্ন কৰা ঘৰে-ঘৰে সমীক্ষা (House-to-House Survey) চলাকালীন সংশ্লিষ্ট বুথ লেভেল বিষয়া (BLO)-এ চিনাক্ত কৰিছিল। এই বিসংগতি যথাযথভাৱে মন্তব্য়–১ (Statement–1)ত লিপিবদ্ধ কৰা হৈছিল আৰু খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পূৰ্বেই দাখিল কৰা হৈছিল।

বৰ্তমান দাবী আৰু আপত্তি দাখিলৰ সময়সীমা চলি থকাৰ পৰিপ্ৰেক্ষিতত, নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ অনুসাৰে সংশ্লিষ্ট বিএলঅ-ৰ দ্বাৰা প্ৰয়োজনীয় সংশোধনী কাৰ্য আৰম্ভ কৰা হৈছে। উক্ত বিসংগতি সংশোধন ১০ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে প্ৰকাশ পাবলগীয়া চূড়ান্ত ভোটাৰ তালিকাত প্ৰতিফলিত হ’ব।

ইয়াৰ লগতে জনোৱা যায় যে ভোটাৰসকলে যিকোনো সময়ত কোনো বিসংগতি লক্ষ্য কৰিলে সংশ্লিষ্ট বিএলঅ’, নিৰ্বাচনী পঞ্জীয়ন বিষয়া অথবা ইচিআইনেট (ECINET) প’ৰ্টেলৰ জৰিয়তে অৱগত কৰিব পাৰে। তদুপৰি ভোটাৰসকলে ভোটাৰ হেল্পলাইন নম্বৰ ১৯৫০ত ফোনযোগে অভিযোগ দাখিল কৰিব পাৰে। প্ৰাপ্ত সকলো অভিযোগ ক্ষেত্ৰস্তৰত পৰীক্ষা কৰি প্ৰয়োজনীয় সংশোধনী ব্যৱস্থা গ্ৰহণ কৰা হয়।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande