
তিনিচুকিয়া, ০৩ জানুৱাৰী (হি.স.)। মাৰ্ঘেৰিটা পেঙেৰী ২ নং টকৌপথাৰ গাঁৱত বন্যহস্তীৰ তাণ্ডৱ, ২৭ টা বাসগৃহ ক্ষতিগ্ৰস্ত l মাৰ্ঘেৰিটা সমষ্টিৰ অৰ্ন্তগত পেঙেৰী ২ নং টকৌপথাৰ গাঁৱত বন্যহস্তীৰ তাণ্ডৱে পুনৰ আতংকৰ সৃষ্টি কৰিছে। যোৱা নিশা এটা বন্যহস্তীয়ে গাঁৱৰ দুটা বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে। সৌভাগ্যক্ৰমে উক্ত ঘটনাটোত কোনো লোক হতাহত হোৱা নাই যদিও গৃহস্থ সকলৰ ব্যাপক আৰ্থিক ক্ষতি হৈছে।
উল্লেখ্য যে, বিগত ২৩ ডিচেম্বৰ তাৰিখৰ পৰা বৰ্তমানলৈকে উক্ত বন্যহস্তীটোয়ে গাঁওখনত প্ৰায় ২৭ টা বাসগৃহ ভাঙি থৈ যোৱা বুলি স্থানীয় লোকসকলে জানিবলৈ দিয়ে। প্ৰতিদিনে নিশা বন্যহস্তীৰ আক্ৰমণৰ আশংকাত গাঁওবাসীয়ে নিৰাপত্তাহীন পৰিস্থিতিত দিন কটাবলৈ বাধ্য হৈছে। শীঘ্ৰে বন বিভাগ আৰু প্ৰশাসনে স্থায়ী সমাধান, উপযুক্ত ক্ষতিপূৰণ আৰু নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ গাঁওবাসীয়ে অনুৰোধ জনাইছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু