টিংখাঙৰ টিপমীয়াত আজিৰে পৰা মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ পূৰ্ণাংগ ৰাজ্যিক অধিৱেশন
ডিব্ৰুগড়, ০৩ জানুৱাৰী (হি.স.)। টিংখাঙৰ টিপমীয়াত আজিৰে পৰা মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ পূৰ্ণাংগ ৰাজ্যিক অধিৱেশন: সাতদিনীয়া অখণ্ড ভাগৱত পাঠ । আজিৰে পৰা টিংখাঙৰ টিপমীয়াত সপ্ত মুক্তিযোদ্ধা সোঁৱৰণী মৃদঙীয়া কলাক্ষেত্রত অনুষ্ঠিত হয় মৃদংগীয়া গায়ন-বায়ন সং
টিংখাঙৰ টিপমীয়াত আজিৰে পৰা মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ পূৰ্ণাংগ ৰাজ্যিক অধিৱেশন


ডিব্ৰুগড়, ০৩ জানুৱাৰী (হি.স.)। টিংখাঙৰ টিপমীয়াত আজিৰে পৰা মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ পূৰ্ণাংগ ৰাজ্যিক অধিৱেশন: সাতদিনীয়া অখণ্ড ভাগৱত পাঠ ।

আজিৰে পৰা টিংখাঙৰ টিপমীয়াত সপ্ত মুক্তিযোদ্ধা সোঁৱৰণী মৃদঙীয়া কলাক্ষেত্রত অনুষ্ঠিত হয় মৃদংগীয়া গায়ন-বায়ন সংস্থা, অসমৰ পূৰ্ণাংগ ৰাজ্যিক অধিৱেশন আৰু সাদিনীয়া অখণ্ড ভাগৱত পাঠ তথা শ্রী শ্রী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীৰ বাহৰ অনুষ্ঠান।

ডিব্রুগড় জিলা মৃদংগীয়া গায়ন-বায়ন সংস্থাৰ উদ্যোগত আৰু টিংখাং আঞ্চলিক সমিতিৰ সৌজন্যত টিপমীয়া-ধোৱাপথাৰ, ৰাজগড়বাসীৰ আতিথ্যত টিংখাংবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিৰ আজি প্ৰথম দিনৰ কাৰ্যসূচীৰ অংশ স্বৰূপে ভাগৱত ভ্ৰমণত অসম চৰকাৰৰ দুগৰাকীকৈ কেবিনেট মন্ত্ৰী ক্ৰমে যোগেন মোহন আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাই অংশগ্ৰহণ কৰে।

এই বৰ্ণাঢ্য অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা গ্ৰন্থ আৰু বাণিজ্য মেলাৰ দ্বাৰ মুকলি কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনে । মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ পূৰ্ণাংগ ৰাজ্যিক অধিৱেশনৰ কাৰ্য্যসূচীৰ পাছৰে পৰা ৫ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈকে অবিৰতভাৱে চলিব ভাগৱত পাঠ ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande