
বাক্সা, ০৩ জানুৱাৰী (হি.স.)। বাক্সাৰ শালবাৰীৰ বাৰেঙাবাৰী মায়ংপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্রণ হেৰুৱাই পকী খুটাত খুন্দা এখন তীব্ৰবেগী টেক্টৰৰ।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ট্ৰেক্টৰখনৰ চালক। আহত ট্ৰেক্টৰ চালক গৰাকী কালপানীৰ সুজিৎ বৰ্মন বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত স্থানীয় বাঁহবাৰী আৰক্ষীৰ উপস্থিতিত এম্বুলেঞ্চৰে তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ সুজিৎ বৰ্মনক।
দুৰ্ঘটনাগ্ৰস্থ ট্ৰেক্টৰখনৰ নম্বৰ এ এছ ২৮ চি ৫৭৭০ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা