নলবাৰীত অগপ মন্ত্ৰী প্ৰয়াত নগেন শৰ্মাৰ আৱক্ষমূৰ্ত্তি উন্মোচন
নলবাৰী, ০৩ জানুৱাৰী (হি.স.)। অসমীয়াৰ জাতীয়তাবাদৰ আৰ্হিৰে জন্ম লোৱা অসম গণ পৰিষদ দলৰ দুটাকৈ কাৰ্যকালৰ মন্ত্ৰী তথা পাচ বছৰৰ প্ৰাক্তন বিধায়ক তথা (তিনিবাৰ মন্ত্ৰী )দেশপ্ৰাণ প্ৰয়াত নগেন শৰ্মা ২০০০ চনত নিজ সমষ্টিৰ অন্তৰ্গত বাহজানীত বোমা বিস্ফোৰণত নিহত হৈ
নলবাৰীত অগপ মন্ত্ৰী প্ৰয়াত নগেন শৰ্মাৰ আৱক্ষমূৰ্ত্তি উন্মোচন


নলবাৰী, ০৩ জানুৱাৰী (হি.স.)। অসমীয়াৰ জাতীয়তাবাদৰ আৰ্হিৰে জন্ম লোৱা অসম গণ পৰিষদ দলৰ দুটাকৈ কাৰ্যকালৰ মন্ত্ৰী তথা পাচ বছৰৰ প্ৰাক্তন বিধায়ক তথা (তিনিবাৰ মন্ত্ৰী )দেশপ্ৰাণ প্ৰয়াত নগেন শৰ্মা ২০০০ চনত নিজ সমষ্টিৰ অন্তৰ্গত বাহজানীত বোমা বিস্ফোৰণত নিহত হৈছিল। তাৰ পিচতো সেই মন্ত্ৰী গৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ আজিলৈ হৈ নুঠিল কোনো স্মৃতিসৌধ বা আৱক্ষ মূৰ্ত্তি।

অগপৰ পোন্ধৰ বছৰীয়া শাসন কাল তথা কংগ্ৰেছ দলৰ শাসন কালত হৈ নুঠা কাম কৰিলে নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। কালি সন্ধিয়া নলবাৰী চহৰৰ মাজ মজিয়াত নলবাৰী পৌৰ সভাৰ সহযোগত পুৰণা চিকিৎসালয় চৌহদত দেশপ্ৰাণ নগেন শৰ্মা যান-বাহন আস্থান আৰু আৱক্ষমূৰ্ত্তি উন্মোচন কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। যাৰবাবে ধন্যবাদ জ্ঞাপন কৰিলে নগেন শৰ্মাৰ সহধৰ্মীনি, প্ৰাক্তন বিধায়িকা তথা অলকা দেশাই শৰ্মাই । আৱক্ষমূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰে অলকা দেশাই শৰ্মাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande