
কাঠমাণ্ডু, ০৩ জানুৱাৰী (হি.স.)। নেপালৰ ঝাপাৰ ভদ্ৰপুৰৰ চন্দ্ৰগধি বিমানবন্দৰত শুকুৰবাৰে নিশা সংঘটিত হোৱা বুদ্ধ এয়াৰ বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে শনিবাৰে পুৱা কাঠমাণ্ডুত উপস্থিত হয় নেপাল অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ নেতৃত্বত এটা দল। পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ প্ৰতিনিধিৰ সৈতে কৰ্তৃপক্ষৰ সঞ্চালক প্ৰধান দীনেশ চন্দ্ৰ লাল কৰ্ণৰ নেতৃত্বত বুদ্ধ এয়াৰৰ কাৰিকৰী দল এটা প্ৰয়োজনীয় সামগ্ৰী লৈ ভদ্ৰপুৰ বিমানবন্দৰত উপস্থিত হয়।
যোৱা নিশা কাঠমাণ্ডুৰ পৰা ঝাপালৈ যোৱা ইউ৪ ৯০১ নম্বৰৰ বিমান বুদ্ধ এয়াৰৰ এ টি আৰ-৭২ বিমানখনে ভদ্ৰপুৰ বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত ৰাণৱেৰ পূব অংশ প্ৰায় ৩০০ মিটাৰ অতিক্ৰম কৰি ঘাঁহ, জোপোহা আৰু মাটিত সোমাই পৰে।
ঝাপা জিলা আৰক্ষী কাৰ্যালয়ৰ আৰক্ষী অধীক্ষক ৰাজন লিম্বুৰ মতে, বিমানখনত ৫১ জন যাত্ৰী, চাৰিজন ক্ৰু মেম্বাৰ আৰু এজন বিমান অভিযন্তা আছিল। ঘটনাটোত ললিতপুৰ নিবাসী সহ-পাইলট সুশান্ত শ্ৰেষ্ঠ (২৪)সহ ৭জন যাত্ৰী সামান্য আহত হয়।
দুৰ্ঘটনাটোত সামান্য আঘাতপ্ৰাপ্তসকলৰ ভিতৰত আছে ভদ্ৰপুৰৰ চবিন যোগী (৪০), বীৰতামোদৰ প্ৰেছিকা অধিকাৰী (২০), বীৰতামোদৰ সুমিত্ৰা যোগী (৪২), দমকৰ কমল প্ৰসাদ কাটুৱাল (২৮), কাঠমাণ্ডুৰ মুনা ঘাটানী (৪০) আৰু কাঠমাণ্ডুৰ প্ৰিয়া ঘাটানী (১৬)।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া