
তেহৰাণ, ০৩ জানুৱাৰী (হি.স.)। অৰ্থনৈতিক সংকট, আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা আৰু বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ বাবে জনসাধাৰণৰ অসন্তুষ্টিৰ সৈতে যুঁজি সমগ্ৰ ইৰাণতে চৰকাৰ বিৰোধী প্ৰতিবাদ বিয়পি পৰিছে। দেশৰ ক্ৰমবৰ্ধমান অৰ্থনৈতিক সংকটে বৰ্তমানৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিছে। বিগত ২০২৫ চনৰ ২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদে শুকুৰবাৰে ৰাজধানী তেহৰাণকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত তীব্ৰ গতি লাভ কৰিছে।
মিডিয়া গ্ৰুপ ইৰাণ ইণ্টাৰনেশ্যনেলৰ মতে, ইৰাণৰ ৰাজধানীত দুদিনীয়া শান্তিৰ অন্তত শুকুৰবাৰে নিশা তেহৰানৰ পূব আৰু পশ্চিম জিলাত ৰাজপথলৈ ওলাই আহিল প্ৰতিবাদকাৰী। মাছহাদ আৰু কুমৰ দৰে পবিত্ৰ চহৰতো একেধৰণৰ বিক্ষোভ অনুষ্ঠিত হয়। দেশৰ অশান্ত দক্ষিণ-পূব অঞ্চলত অৱস্থিত জাহেদানত শুকুৰবাৰৰ নামাজৰ অন্তত ৰাজপথলৈ ওলাই আহি দেশৰ সৰ্বোচ্চ নেতা আলী খামেনেইৰ বিৰুদ্ধে শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখযোগ্য যে ২০২২ চনত ব্যাপক প্ৰতিবাদৰ এক প্ৰধান কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা এই চহৰখনত পুনৰবাৰ প্ৰতিবাদৰ উত্থান ঘটিছে। মাছহাদ, জাহেদান, কাজভিন, হামাদান, তেহৰাণকে ধৰি কেইবাখনো চহৰত ব্যাপক প্ৰতিবাদ অব্যাহত আছে, নিৰাপত্তা বাহিনীৰ হিংসাত্মক পৰিস্থিতি আৰু অসংখ্য প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
উগ্ৰ ধৰ্মগুৰুসকলৰ শাসন বন্ধ কৰাৰ দাবীত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইক লক্ষ্য কৰি প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদকাৰীৰ এক বৃহৎ অংশই ৰেজা পাহলৱীক ক্ষমতা হস্তান্তৰ কৰাৰ দাবী জনাইছে।
এতিয়ালৈকে ২২খন প্ৰদেশৰ ৪৬খন চহৰত এই প্ৰতিবাদ বিয়পি পৰিছে। তেহৰাণ, ইয়াজদ, জাঞ্জানকে ধৰি প্ৰায় ১০খন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই আন্দোলনত অংশগ্ৰহণ কৰিছে। আন্দোলনৰ সমৰ্থনত বৃহৎ সংখ্যক ব্যৱসায়ী লোকেও এই আন্দোলনত যোগদান কৰিছে, তেওঁলোকৰ দোকান-পোহাৰ আৰু প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিছে।
মানৱ অধিকাৰ সংগঠনৰ উদ্ধৃতি দি ইৰাণ ইণ্টাৰনেশ্যনেলে প্ৰকাশ কৰা অনুসৰি এতিয়ালৈকে কমেও ৭ জন প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে ৩০ জনতকৈ অধিক লোক আহত হৈছে। ২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদত এতিয়ালৈকে ১১৯ জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদৰ মাজতে ইৰাণৰ মুদ্ৰাই অভিলেখ সৃষ্টি কৰিছে। চৰকাৰী তথ্য অনুসৰি ডিচেম্বৰ মাহত মুদ্ৰাস্ফীতি ৪২.২ শতাংশত উপনীত হৈছে। যোৱা বছৰৰ তুলনাত খাদ্যৰ মূল্য ৭২ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে স্বাস্থ্য আৰু ঔষধৰ সামগ্ৰী ৫০ শতাংশ ব্যয়বহুল হৈ পৰিছে। ই জনসাধাৰণৰ অসন্তুষ্টিক ইন্ধন যোগাইছে।
ইৰাণত চলি থকা প্ৰতিবাদৰ মাজতে শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সকীয়াই দিছিল যে ইৰাণে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক গুলীচালনা কৰি হিংসাত্মকভাৱে হত্যা কৰিলে আমেৰিকাই তেওঁলোকৰ সহায়ৰ বাবে আগবাঢ়ি আহিব। তেওঁ মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে, “আমি কাৰ্য্যৰ বাবে সম্পূৰ্ণৰূপে সাজু।”
ট্ৰাম্পৰ এই ভাবুকিৰ প্ৰতি সঁহাৰি জনাই ইৰাণে আমেৰিকাৰ আক্ৰমণৰ ক্ষেত্ৰত নিজৰ ঘাটিটোক লক্ষ্য কৰি লোৱাৰ ভাবুকি দিছিল। শুকুৰবাৰে ইৰাণৰ সংসদৰ অধ্যক্ষই কয় যে যদি আমেৰিকাই আগ্ৰাসী ব্যৱস্থা গ্ৰহণ কৰে তেন্তে ইয়াৰ সামৰিক ঘাটিসমূহক বৈধ লক্ষ্য হিচাপে গণ্য কৰা হ’ব।
যোৱা বছৰৰ জুন মাহত আমেৰিকাই ইৰাণৰ সামৰিক ঘাটি আৰু পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলাইছিল। ইৰাণ আৰু ইজৰাইলৰ মাজত ১২ দিনীয়া যুদ্ধত আমেৰিকাও জড়িত হৈ পৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণেও আমেৰিকাৰ ঘাটিকো লক্ষ্য কৰি লয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া