
বিৰাটনগৰ (নেপাল), ০৩ জানুৱাৰী (হি.স.)। নেপালৰ প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহে সীমান্ত অতিক্ৰম কৰি শনিবাৰে জেন জি আন্দোলনৰ পিছত প্ৰথমবাৰৰ বাবে বিৰাটনগৰত উপস্থিত হয়। সমৰ্থক বা ৰজাঘৰীয়া দলৰ নেতাক খবৰ নিদিয়াকৈ তেওঁ বিৰাটনগৰত উপস্থিত হয়।
হঠাৎ ৰজা জ্ঞানেন্দ্ৰ শ্বাহৰ আগমন দেখি মানুহে ৰাস্তাত ৰৈ তেওঁৰ সমৰ্থনত শ্লোগান দিয়ে। প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহে বিৰাটনগৰৰ জলজালা চকত থকা শিৱ মন্দিৰ আৰু কালি মন্দিৰ পৰিদৰ্শন কৰি শনি মহাৰাজ আৰু মা কালীৰ ওচৰত প্ৰাৰ্থনা জনায়।
প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহে বিৰাটনগৰৰ বিখ্যাত শক্তিপীঠ কালী মন্দিৰ পৰিদৰ্শন কৰি দেৱীক প্ৰাৰ্থনা কৰে। তেওঁ শক্তিপীঠ মা কালি মন্দিৰত প্ৰায় ১৭ মিনিট সময় থাকিল।
মন্দিৰ পৰিচালনা সমিতিৰ অধ্যক্ষ ড০ মীনাক্ষী নেপালে তেওঁক ফুলৰ থোপা আৰু মালাৰে আদৰণি জনায়। মন্দিৰ পৰিচালনা সমিতিৰ অধ্যক্ষই প্ৰাক্তন ৰজাক মন্দিৰৰ চৌপাশৰ বিষয়ে অৱগত কৰে।
মৰং জিলা আৰক্ষীয়ে জনোৱা মতে, প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহ ঝাপা জিলাৰ ডামাকৰ পৰা কালি মন্দিৰ পৰিদৰ্শন কৰিবলৈ বিৰাটনগৰলৈ আহিছিল। দৰ্শন শেষ কৰি তেওঁ জিৰণি আৰু খাদ্যৰ বাবে ইটহাৰীৰ ছল্টী হোটেললৈ ৰাওনা হয়। মৰাং আৰক্ষী অধীক্ষক এছ পি কৱিত কতৱালে ডমাক-ইটাহৰী-বিৰাটনগৰ হৈ ইটহাৰীলৈ উভতি অহাৰ কথা জানিবলৈ দিয়ে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া