কোকৰাঝাৰ-চিৰাং জিলা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন
Assam, 03 জানুৱাৰী (হি.স.)। আজিৰ পৰা দুদিনীয়াকৈ আৰম্ভ হল কোকৰাঝাৰ-চিৰাং জিলা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন। চিৰাং জিলা বাসুগাঁও চহৰৰ মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত পুৱাৰ পৰা বৰ্ণাঢ্য কাৰ্যসুচীৰে আৰম্ভ হয় ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠা
কোকৰাঝাৰ-চিৰাং জিলা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন


Assam, 03 জানুৱাৰী (হি.স.)। আজিৰ পৰা দুদিনীয়াকৈ আৰম্ভ হল কোকৰাঝাৰ-চিৰাং জিলা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন।

চিৰাং জিলা বাসুগাঁও চহৰৰ মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত পুৱাৰ পৰা বৰ্ণাঢ্য কাৰ্যসুচীৰে আৰম্ভ হয় ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠানৰ কাৰ্য্যসূচী ৷ পুৱাৰ ভাগত গছপুলি ৰোপনেৰে আৰম্ভ কৰা অনুষ্ঠানত ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ মুখ্য প্ৰৱেশদ্বাৰৰ মুকলি কৰে স্থানীয় সমাজকৰ্মী শম্ভু ৰাজবংশীৰ লগতে স্থানীয় বি টি চিৰ পাৰিষদ শুকুৰ সিং মুছাহাৰীয়ে ৷

ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ উন্মোচন কৰে জিলা আয়ুক্ত যতীন বৰায়ে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande