
সুকমা, ০৩ জানুৱাৰী (হি.স.)। ছত্তীশগড়ৰ বাষ্টাৰ ৰেঞ্জত নক্সাল বিৰোধী অভিযানৰ সময়ত আজি নিৰাপত্তা বাহিনীয়ে ১৪ জন নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰে। বিজাপুৰ জিলাৰ পৰা দুজন মাওবাদীৰ মৃতদেহ আৰু চুকমা জিলাৰ পৰা ১২ জনৰ মৃতদেহ উদ্ধাৰ কৰে।
এনকাউণ্টাৰ স্থানৰ পৰা এ কে ৪৭, ইনছাছ ৰাইফল, এছ এল আৰ ৰাইফলকে ধৰি বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হৈছে। আৰক্ষী বিষয়াসকলে জনোৱা মতে, অতিৰিক্ত আৰক্ষী অধীক্ষক আকাশ ৰাও গিৰপুঞ্জেৰ হত্যাকাণ্ডৰ সৈতে জড়িত কোণ্টাৰ মাংটু (ডিভিচিএম) আৰু এচিএম হিতেশকে ধৰি ১৪ জন নক্সালবাদীক হত্যা কৰা হৈছে। বিজাপুৰ জিলাৰ গগনপল্লী গাঁৱৰ (বাছাগুদা আৰক্ষী থানা) বনাঞ্চলৰ পৰা উদ্ধাৰ হৈছে হুংগা মদকামকে ধৰি দুজন নক্সালবাদীৰ মৃতদেহ।
ছত্তীশগড়ৰ সুকমা আৰক্ষী অধীক্ষক কিৰণ চাভানে উল্লেখ কৰে যে বিজাপুৰ আৰু সুকমা জিলাৰ দক্ষিণ অঞ্চলত সশস্ত্ৰ মাওবাদীৰ উপস্থিতিৰ বিশ্বাসযোগ্য তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰে। এই অভিযানৰ অংশ হিচাপে দক্ষিণ বাষ্টাৰ অঞ্চললৈ ডি আৰ জিৰ দল প্ৰেৰণ কৰা হৈছিল। এই অভিযানৰ সময়ত শনিবাৰে পুৱা প্ৰায় ৫:০০ বজাৰ পৰা বিজাপুৰ জিলাত ডি আৰ জি আৰু মাওবাদীৰ মাজত মাজে মাজে সংঘৰ্ষ অব্যাহত আছে। সুকমা জিলাৰ কন্টা আৰু কিস্তাৰামৰ বনাঞ্চলতো পুৱা প্ৰায় ৮:০০ বজাৰ পৰা নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত মাজে মাজে গুলীচালনাৰ আদান-প্ৰদান চলি আছে।
তেওঁ উল্লেখ কৰে যে তালাচী অভিযানৰ সময়ত বিভিন্ন এনকাউণ্টাৰ ছাইটৰ পৰা মুঠ ১৪টা মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে, য’ত বিজাপুৰ জিলাৰ দুটা আৰু চুকমা জিলাৰ ১২টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। যিহেতু অভিযান এতিয়াও চলি আছে, গতিকে এই এনকাউণ্টাৰৰ সঠিক স্থান, জড়িত নিৰাপত্তাৰক্ষীৰ সংখ্যা, আৰু অন্যান্য স্পৰ্শকাতৰ তথ্য এই সময়ত ভাগ-বতৰা কৰি জড়িত সৈন্যৰ সুৰক্ষা নিশ্চিত কৰিব নোৱাৰি। অপাৰেচন সম্পূৰ্ণ হোৱাৰ পিছত অপাৰেচন সন্দৰ্ভত বিতং তথ্য প্ৰদান কৰা হ’ব।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী